চিটাৰা ডেস্ক,3 আগষ্ট :অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ পাছত এইবাৰ চৰ্চাত আহিছে জনপ্ৰিয় গায়ক তথা অভিনেতা হানি সিং (Honey Singh) ৷ ৰাজ কুন্দ্ৰাৰ পাছত এতিয়া আইনৰ ৰোষত পৰিছে বিখ্যাত ৰেপাৰ (Rapper) হানি সিং ৷ জনপ্ৰিয় গায়ক আৰু অভিনেতাগৰাকীৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে পত্নী শালিনী তলৱাৰ (shalini talwar singh) ৷
শালিনী তলৱাৰে ঘৰুৱা হিংসাৰ অভিযোগত মহিলা প্ৰতিৰোধ আইন (The Protection of Women from Domestic Violence Act) ৰ অধীনত স্বামী হানী সিঙৰ বিৰুদ্ধে দিল্লীৰ তিছ হাজাৰী আদালতত এখন আবেদন দাখিল কৰিছে । দিল্লীৰ তিছ হাজাৰী আদালতৰ মুখ্য মেট্ৰ'পলিটান দণ্ডাধীশ তানিয়া সিঙৰ ওচৰত শালিনী তলৱাৰে মঙলবাৰে ৰুজু কৰে এই গোচৰ ৷
ৰাজ কুন্দ্ৰাৰ পাছত এইবাৰ আইনৰ ৰোষত Yo Yo Honey Singh শালিনীয়ে গোচৰ ৰুজু কৰাৰ পাছতেই মেট্ৰ'পলিটান দণ্ডাধীশ তানিয়া সিঙে গায়ক আৰু অভিনেতা হানি সিঙৰ বিৰুদ্ধে এখন জাননী জাৰি কৰে । এই জাননীত হানি সিঙক ২৮ আগষ্টৰ ভিতৰত স্পষ্টীকৰণ দিয়াৰ নিৰ্দেশ দিয়া হৈছে । আনহাতে ন্যায়ালয়ে ঘৰুৱা হিংসাৰ গোচৰ চলি থকালৈকে হানি সিঙে নিজৰ আৰু পত্নীৰ যুটীয়া সম্পত্তিৰ বিষয়ে কোনো সিদ্ধান্ত ল'ব নোৱাৰিব বুলি এখন অন্তৱৰ্তীকালীন নিৰ্দেশনাও জাৰি কৰিছে ।
হানি সিঙে ২০১৪ চনত ৰিয়েলিটি শ্ব' ইণ্ডিয়াজ ৰ'ষ্টাৰত পত্নী শালিনীক প্ৰথমবাৰৰ বাবে সকলোৰে সৈতে পৰিচয় কৰাই দিছিল । হানি সিঙে 2011 চনত ছেইফ আলী খান আৰু দিপিকা পাডুকনৰ অভিনীত ছবি ককটেলৰ ইয়ো ইয়ো হানি সিং নামৰ বিট গানটোত কণ্ঠদান কৰি অধিক জনপ্ৰিয় হৈ পৰিছিল । এই গানটোৱে আটাইতকৈ বিখ্যাত গানৰ তালিকাত শীৰ্ষস্থান দখল কৰিছিল । হানি সিঙৰ এই গীতটো এতিয়াও পাৰ্টিবোৰত বজোৱা শুনা যায় ।
লগতে পঢ়ক :স্বামীৰ মৃত্যুৰ শোক বুকুত বান্ধি পুনৰ কৰ্মক্ষেত্ৰলৈ উভতিছে মন্দিৰা বেদী