চিটাৰা ডেস্ক,10 এপ্ৰিলঃ নিজৰ জীৱন সংগী গৰাকী এজন ৰসিক মানুহ হোৱাৰ লগতে এজন ভাল ৰান্ধনী হোৱাটো বিচাৰে অভিনেত্ৰী য়ামী গৌতমে ৷ বুধবাৰে, য়ামীয়ে তেওঁৰ অনুৰাগীসকলৰ লগত কথা পাতিবৰ বাবে ইনষ্টাগ্ৰামযোগে এটা কথোপকথন অনুষ্ঠান আয়োজন কৰিছিল ৷ সেই অনুষ্ঠানৰ মাজতে অনুৰাগীয়ে, য়ামীৰ জীৱন সংগীৰ বিষয়ে প্ৰশ্ন সোধে ৷ য়ামীয়ে তেওঁৰ জীৱন সংগীৰ মাজত কি কি গুণ বিচাৰে বুলি প্ৰশ্ন কৰাত এনেদৰে উত্তৰ দিয়ে অভিনেত্ৰীগৰাকীয়ে ৷
য়ামী গৌতমৰ জীৱন সংগী হ'বলৈ লাগিব এইকেইটা গুণ
শেহতীয়াকৈ অভিনেত্ৰী য়ামী গৌতমে নিজৰ ইনষ্টাগ্ৰাম একাউন্ট যোগে কথা পাতে অনুৰাগীৰ সৈতে ৷ এই কথোপকথনত অনুৰাগীয়ে য়ামীক তেওঁৰ হ'বলগীয়া জীৱন সংগীজনৰ মাজত কি কি গুণ বিচাৰে এই বিষয়ে প্ৰশ্ন সোধাত য়ামীয়ে কি ক'লে জানিবলৈ পঢ়কঃ
য়ামী গৌতম
য়ামীয়ে লক ডাউনৰ সময়ছোৱাত দিনটোত কি কি কৰি আছে সেই বিষয়েও জনাই অনুৰাগীসকলক ৷ য়ামীয়ে কয়, তেওঁ এই সময়ছোৱাত যোগাসন, ৰন্ধন, কিতাপ পঢ়া, ছবি চোৱাৰ লগতে চণ্ডীগড়ত থকা পিতৃ-মাতৃক মনত পেলায় ৷