চিটাৰা ডেস্ক,15 অক্টোবৰ : ছবিয়ে আমাক হহুৱায়, কন্দুৱায় আৰু মনোৰঞ্জনৰ আমোদ প্ৰদান কৰে ৷ কিছুসংখ্য়ক ছবিয়ে আমাক জীৱনৰ জ্ঞানো প্ৰদান কৰে ৷ কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে, বহু লোকে কেৱল মনোৰঞ্জনৰ বাবেই ছবি উপভোগ নকৰে ৷ ছবিত দেখুওৱা কিছুমান নকৰাত্মক কাম বাস্তৱিকতে প্ৰয়োগ কৰা পৰিলক্ষিত হয় ৷
মিৰ্জাপুৰ ৱেব চিৰিজৰ পৰা অভিনেতা দিব্যেন্দু শৰ্মা শেহতীয়াকৈ নিকিতা তোমাৰৰ হত্য়াকাণ্ডত জড়িত অভিযুক্তৰ স্বীকাৰোক্তি অনুসৰি,তেওঁ মিৰ্জাপুৰৰ অভিনেতা দিব্যেন্দু শৰ্মাৰ চৰিত্ৰ ‘মুন্না’ ওৰফে ফুলচন্দ ত্ৰিপাঠীৰ চৰিত্ৰটো বাস্তৱত প্ৰয়োগ কৰে ৷ 21 বছৰীয়া নিকিতাই অভিযুক্তৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে 26 অক্টোবৰত কলেজৰ বাহিৰতে নিকিতাক গুলীয়াই হত্যা কৰে অভিযুক্তজনে ৷
ডৰ ছবিখনৰ পৰা শ্বাহৰুখ খান অৱশ্যে এইটো প্ৰথম ঘটনা নহয় ৷ ইয়াৰ পূৰ্বেও এনেকুৱা ঘটনাৰ বহু উদাহৰণ আছে-
2016 চনত স্নেপডীলত কাম কৰা দীপ্তি চৰ্ণাক দেৱেন্দ্ৰ কুমাৰ নামৰ এজন লোকে অপহৰণ কৰিছিল ৷ অভিযুক্তৰ স্বীকাৰোক্তি অনুসৰি, তেওঁ 1993 চনত মুক্তিলাভ কৰা ‘ডৰ’ ছবিখনৰ পৰা অপহৰণৰ কৌশল আয়ত্ব কৰিছিল ৷ ছবিখনত শ্বাহৰুখ খানে এজন চিকাৰীৰ ভুমিকা পালন কৰিছিল ৷ অৱশ্য়ে অপহৰণৰ দুদিন পাচত দীপ্তিৰ সন্ধান উলিওৱা হয় ৷
বন্তী ঔৰ বাবলী ছবিখনৰ পৰা অভিষেক বচ্চন আৰু ৰাণী মুখাৰ্জী 2013 আৰু 2014 চনত বহু সন্ধানৰ পাচত 2017 চনত জগজীত আৰু তেওঁৰ মহিলা গেংটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ডকাইটি, চুৰিকাণ্ড, আক্ৰমণ আদি সন্দৰ্ভত গেংটোক গ্ৰেপ্তাৰ কৰা হয় ৷ গেংটোৰ স্বীকাৰোক্তি অনুসৰি, তেওঁলোকে অভিষেক বচ্চন আৰু ৰাণী মুখাৰ্জী অভিনীত বন্তী ঔৰ বাবলী ছবিখনৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল ৷
2008 বৰ্ষৰ আৰম্ভণিতে কেৰালাৰ দক্ষিণ মালাবৰ গ্ৰামীণ বিকাশ বেংকত বৃহৎ ডকাইটি কাণ্ড সংঘটিত হৈছিল ৷ 2007 চনৰ 31 ডিচেম্বৰত ডকাইটি দলটোৰ পৰা 80 কিলোগ্ৰামতকৈও অধিক সোণ আৰু 25 লাখ নগদ ধন জব্দ কৰা হৈছিল ৷ ডকাইটি দলটো গ্ৰেপ্তাৰ হোৱাৰ পাচত জোচেফ নামৰ ডকাইতটোৱে এই অপৰাধ কৰাৰ ক্ষেত্ৰত এক্সন-থ্ৰীলাৰ ছবি ধুমৰ পৰা অনুপ্ৰেৰণা লাভ কৰে ৷
মুন্না ভাই এমবিবিএছ ছবিখনৰ পৰা সঞ্জয় দত্ত ৰাজকুমাৰ হিৰানীৰ ব্লকবাষ্টাৰ ছবি মুন্না ভাই এমবিবিএছেও অপৰাধীসকলক অনুপ্ৰেৰিত কৰাৰ তথ্য পোৱা গৈছে ৷ 2017 চনত গুৰুগ্ৰামত দুজন লোকক অনুৰাগীৰ হৈ পৰীক্ষাত বহা সন্দৰ্ভত আটক কৰা হয় ৷ 2015 চনতো আৰক্ষীয়ে AIPMTৰ পৰীক্ষাত চিম কাৰ্ড আৰু ব্লুতুথৰ সৈতে ছাত্ৰক সহায় কৰা চাৰি লোকক আটক কৰে ৷
শ্বট আউট এট্ লোখণ্ডৱালাৰ এক পোষ্টাৰ আহমেদাবাদত পৰিয়ালৰ পৰা 25 লাখ টকা জব্দ কৰাৰ লক্ষ্যৰে তিনি স্কুলীয়া কিশোৰী ছাত্ৰই এটি ছবছৰীয়া শিশুক অপহৰণ কৰি হত্যা কৰিছিল ৷ এই টকাৰে কিশোৰী তিনি গৰাকীয়ে এখন স্কৰ্পিঅ’ বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছিল ৷ কিশোৰী তিনি গৰাকীৰ দুগৰাকী শ্বট আউট এট্ লোখণ্ডৱালা ছবিখনৰ চৰিত্ৰসমূহৰ অনুসৰণ কৰিছিল আৰু আটাইতকৈ কম বয়সৰ এগৰাকীয়ে চিআইডি ধাৰাবাহিকখনৰ পৰা অনুপ্ৰেৰণা পাইছিল ৷
ৰাঞ্জানাৰ পৰা সোনম কাপুৰ আৰু ধনুষ মীৰুটত 16 বছৰীয়া এজন ল’ৰাই প্ৰেমৰ প্ৰত্যাখ্যান পোৱাৰ পাচত এজনী ছোৱালীক হত্য়া কৰে ৷ অভিযুক্ত কিশোৰৰ স্বীকাৰোক্তি অনুসৰি, তেওঁ সোনম কাপুৰ আৰু ধনুষ অভিনীত ছবি ৰাঞ্জানাৰ পৰা অনুপ্ৰেৰণা পাইছিল ৷ তেওঁ আৰক্ষীক কয় যে, যদি তেওঁ ছোৱালীজনীক নাপায় তেন্তে কিশোৰ গৰাকীক আন কাকো নালাগে ৷
2015 চনত মুক্তিলাভ কৰা অজয় দেৱগন আৰু তাবুৰ অভিনীত দৃশ্যম ছবিখনেও বাস্তৱত অপৰাধীসকলক অনুপ্ৰেৰণা যোগাইছে ৷ 2016 চনত ভূপালত 25 বৰ্ষীয় অমিতাভ আদিবাসীক হত্যা কৰা হৈছিল ৷ হত্যাৰ তদন্তত অভিযুক্তই দৃশ্যম ছবিখন অনুসৰণ কৰিছিল ৷ ছবিখনত 32 বৰ্ষীয় এজন ব্যক্তিক হত্যা কৰিছিল ৷ আনহাতে সেই বৰ্ষতে তামিলনাডুৰ এজন ব্যক্তিয়ে তিৰুৱন্তপুৰমত নিজৰ পত্নীক হত্যা কৰি আৰক্ষীৰ সন্মুখত দৃশ্যম ছবিখন অনুসৰণ কৰাৰ কথা প্ৰকাশ কৰে ৷
লগতে পঢ়ক :সৌমিত্ৰ চেতাৰ্জী : বাংলা চিনেমাৰ এগৰাকী ‘আইকন’