চিটাৰা ডেস্ক, 8 মাৰ্চ :আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে বলীউড চুপাষ্টাৰ অজয় দেৱগণে তেওঁৰ জীৱনৰ বিশেষ নাৰী সকললৈ বুলি উদ্দেশ্যি দিলে এটা পোষ্ট ( Ajay Devgn womens day message) ৷ নিজৰ ইন্ষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে নিজৰ মাতৃ, ভগ্নী, পত্নী আৰু জীয়কলৈ নাৰী দিৱসৰ শুভেচ্ছা জনালে অভিনেতাজনে ( Ajay Devgn on Womens Day 2022) ৷
অজয় দেৱগণে নিজকে অজয় দেৱগণ বুলি পৰিচয় নিদি বীণাৰ সন্তান, ভগ্নীদ্বয় ক্ৰমে কবিতা আৰু নীলমৰ ভাতৃ, কাজলৰ স্বামী আৰু নাইছাৰ পিতৃ হিচাপে নিজৰ পৰিচয় দিয়ে ৷ "মোক আটাইতকৈ বিশেষধৰণেৰে গঢ় দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। #internationalwomensday," পোষ্টটোৰ কেপচনত এইদৰে লিখে অজয়ে ৷