অসম

assam

ETV Bharat / sitara

বিপদত পৰিব পাৰে সুশান্ত সিং ৰাজপুতৰ ঘটনাৰ সাক্ষী - Sushants cousin Niraj singh Babloo

সুশান্তৰ ঘটনাৰ সাক্ষীৰ লগত বিপদ ঘটিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে সুশান্তৰ সম্বন্ধীয় ভাতৃয়ে ৷ সুশান্তৰ ভাতৃ তথা বিজেপিৰ বিধায়ক নীৰজ সিং বাব্​লুয়ে এই দাবী কৰিছে যে , এফালে সাক্ষীক ধমকি প্ৰদান কৰা হৈছে আৰু আনফালে কোনোধৰণৰ সুৰক্ষা প্ৰদান কৰা নাই মুম্বাই আৰক্ষীয়ে ৷

witness might get killed claims Sushants cousin Niraj singh Babloo
সুশান্তৰ ঘটনাৰ সাক্ষীৰ লগত বিপদৰ আশংকা

By

Published : Aug 18, 2020, 3:25 PM IST

চিটাৰা ডেস্ক,18 আগষ্টঃ বলিউডৰ প্ৰসিদ্ধ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত পৰিয়ালৰ তৰফৰ পৰা প্ৰকাশ কৰিছে এক বিশেষ মন্তব্য ৷ শেহতীয়াকৈ সুশান্তৰ ঘটনাৰ লগত জড়িত সাক্ষীৰ লগত বিপদ সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে সুশান্তৰ সম্বন্ধীয় ভাতৃ তথা বিজেপিৰ বিধায়ক নীৰজ সিং বাব্​লুয়ে ৷

তেওঁ দাবী কৰিছে যে, এফালে সাক্ষীক ধমকি প্ৰদান কৰা হৈছে আৰু আনফালে কোনোধৰণৰ সুৰক্ষা প্ৰদান কৰা নাই মুম্বাই আৰক্ষীয়ে ৷ এই সন্দৰ্ভত তেওঁ আৰক্ষীয়ে সুশান্তৰ ঘটনাৰ লগত জড়িত সাক্ষীক সুৰক্ষা প্ৰদান কৰাটো কামনা কৰিছে ৷

মঙলবাৰে সংবাদ মাধ্যমৰ সন্মুখত বিজেপিৰ বিধায়ক গৰাকীয়ে কয় যে, সকলো মানুহেই সৰ্বোচ্চ ন্যায়ালয়ৰ ওপৰত আশা ৰাখিছে যে, অতি শীঘ্ৰেই সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় অনুসন্ধান সংস্থা তথা চি.বি.আই তদন্তৰ বাবে নিৰ্দেশ প্ৰদান কৰিব আৰু এই অনুসন্ধানে সঠিক দিশ পোৱাৰ লগতে পোহৰলৈ আহিব সকলো কথা ৷

তেওঁ পুনৰ কয় যে," এয়া কেৱল আমাৰ নহয় সম্পূৰ্ণ দেশৰ ইচ্ছা ৷"

লগতে পঢ়কঃআহি আছে প্ৰভাসৰ নতুন ছবি

For All Latest Updates

ABOUT THE AUTHOR

...view details