চিটাৰা ডেস্ক, ২৮ছেপ্টেম্বৰ: আজি কোকিলকণ্ঠী গায়িকা লতা মাংগেশকাৰৰ ওপজা দিন । মনপৰশা গীতেৰে অনুৰাগীৰ অন্তৰ জয় কৰা লতা মাংগেশকাৰে জীৱনৰ ৯০টা বছৰ অতিক্ৰম কৰি আজি ৯১বছৰত ভৰি দিলে । ৩০টাৰো অধিক ভাষাৰ গীতত কণ্ঠদান কৰি সকলোকে আপ্লুত কৰি আহিছে সুকণ্ঠী গায়িকাগৰাকীয়ে। লতা মাংগেশকাৰ ওপজা দিনত শুভেচ্ছা জনাইছে বলীউড তাৰকাই । অভিনেত্ৰী কংগনা ৰাণাৱট, শংকৰ মহাদেৱনেও টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰে শিল্পীগৰাকীক । গায়িকাগৰাকীৰ সৈতে নিজৰ ফটো পোষ্টযোগে শ্বেয়াৰ কৰি ছবি নিৰ্মাতা মধুৰ ভাণ্ডাৰকাৰে ওপজা দিনৰ শুভকামনা জনায়। টুইটত তেওঁ লিখিছে, মাংগেশকাৰৰ সুললিত কণ্ঠৰ সকলোৰে হৃদয় চুই যায়।
কোকিলকণ্ঠী গায়িকা লতা মাংগেশকাৰৰ আজি ওপজা দিন - বলীউড তাৰকা
জীৱনৰ ৯০টা বছৰ অতিক্ৰম কৰিলে সুললিত কণ্ঠৰে অনুৰাগীৰ অন্তৰ জয় কৰা কোকিলকণ্ঠী গায়িকা লতা মাংগেশকাৰে। ওপজা দিনটোত সমগ্ৰ দেশবাসীৰ লগতে বলীউড তাৰকায়ো শুভেচ্ছা জ্ঞাপন কৰিলে শিল্পীগৰাকীক। টুইটযোগে শুভকামনা জনালে অভিনেত্ৰী কংগনা ৰাণাৱট, শংকৰ মহাদেৱনেও।
কোকিলকণ্ঠী গায়িকাগৰাকীৰ গীত নুশুনাকৈ এটা দিনো পাৰ কৰা নাই বুলিও টুইটত উল্লেখ কৰে ভাণ্ডাৰকাৰে । লগতে লতা মাংগেশকাৰৰ দীৰ্ঘায়ু কামনা কৰে বিশিষ্ট ছবি নিৰ্মাতাগৰাকীয়ে । লতা মাংগেশকাৰক 'মা সৰস্বতী'ৰ আন এক ৰূপ আখ্যা দি আশীৰ্বাদ বিচৰাৰ লগতে টুইটযোগে জন্মদিনৰ ওলগ জনায় সংগীতকাৰ শংকৰ মহাদেৱনে। পিতৃ তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিলাশ ৰাও দেশমুখৰ সৈতে উঠা এখন ফটো শ্বেয়াৰ কৰি পদ্ম বিভূষণ উপাধিৰে বিভূষিত গায়িকাগৰাকীক ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰে অভিনেতা ৰিতেশ দেশমুখে। আনহাতে অনুৰাগীয়েও ছ'ছিয়েল মিডিয়া পোষ্টযোগে লতা মাংগেশকাৰক শুভেচ্ছা জনোৱাৰ লগতে তেওঁৰ সু-স্বাস্থ্যৰ কামনা কৰে।