অসম

assam

ETV Bharat / sitara

ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰত কিয় পলম কৰিলে আৰক্ষীয়ে ? - ৰাজ কুন্দ্ৰাৰক গ্ৰেপ্তাৰত পলম

ৰাজ কুন্দ্ৰাৰ কাৰ্যকলাপত ফেব্ৰুৱাৰী-মাৰ্চ মাহতে অপৰাধ শাখাৰ বিষয়াসকলৰ দৃষ্টি পৰিছিল । অৱশ্যে অশ্লীল চলচ্চিত্ৰ নিৰ্মাণ আৰু কিছুমান এপৰ জৰিয়তে প্ৰকাশ কৰাৰ অভিযোগৰ সৈতে সম্পৰ্কিত গোচৰটোত তেওঁক গ্ৰেপ্তাৰৰ বাবে তিনি মাহ সময় লাগিছিল ।

three months for police to arrest Raj Kundra
ৰাজ কুন্দ্ৰাৰক গ্ৰেপ্তাৰত পলম

By

Published : Jul 21, 2021, 1:35 PM IST

চিটাৰা,২১ জুলাই :নীলা ছবি নিৰ্মাণ আৰু ম’বাইল এপ্লিকেচনৰ জৰিয়তে সেইবোৰ প্ৰকাশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বলীউড অভিনেত্ৰী শিল্পা চেট্টীৰ (Shilpa Shetty) স্বামী ৰাজ কুন্দ্ৰাক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয় । সোমবাৰে ৰাজ কুন্দ্ৰাক (Raj Kundra) অপৰাধ শাখাই উক্ত গোচৰত গ্ৰেপ্তাৰ কৰাৰ পাছত মঙলবাৰে তেওঁক আদালতত হাজিৰ কৰোৱা হৈছিল । আদালতে দিয়া নিৰ্দেশনা অনুসৰি ২৩ জুলাইলৈ আৰক্ষীৰ জিম্মাত থাকিব লাগিব অভিযুক্ত ৰাজ কুন্দ্ৰা ।

ইফালে এপ্ৰিল মাহতে এই গোচৰ সন্দৰ্ভত অভিযোগপত্ৰ দাখিল কৰা হৈছিল । কিন্তু গোচৰটোত কুন্দ্ৰাক গ্ৰেপ্তাৰত পলম হোৱাৰ বিষয়ে উল্লেখ কৰি মুম্বাইৰ যুটীয়া আৰক্ষী আয়ুক্ত (অপৰাধ) মিলিন্দ ভাৰম্বেয়ে কয় যে শক্তিশালী গোচৰটোৰ বিৰুদ্ধে বহুতো প্ৰমাণ আহৰণ কৰিবলগীয়া হৈছিল । ধনৰ স্থানান্তৰ, একাউণ্টৰ প্ৰকৃত মালিকানা তথ্য আৰু ভিডিঅ' প্ৰকাশ বিষয়টোত আৰক্ষীয়ে বলপূৰ্বক পদক্ষেপ লোৱাৰ আগতে প্ৰমাণিত কৰিব লাগিব ।

যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে জনোৱা মতে বিভিন্ন বেংক একাউণ্টত ধন স্থানান্তৰ কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে । ইফালে প'ৰ্ণ ফিল্মৰ ৰেকেটৰ ভুক্তভোগীসকলে মাত্ৰ কেইহাজাৰমান টকাহে লাভ কৰিছিল ।

অনুসন্ধানৰ সময়ত এইটো পোহৰলৈ আহিছে যে আৰ্মচপ্ৰাইম (Armsprime) নামৰ এটা কোম্পানীয়ে কেনৰিনৰ(Kenrin) প্ৰডাকচনৰ বাবে হটশ্বটছ এপটো(HotShots) প্ৰস্তুত কৰিছিল আৰু তাত ব্যক্তিগত এপও আছিল । আৰক্ষীয়ে জনোৱা মতে ভিয়ান ইণ্ডাষ্ট্ৰিজে(viaan industries) কেনৰিনৰ সৈতে তথ্য প্ৰকাশৰ দায়িত্বত থকাৰ লগতে ইয়াৰ বাবে ধন ব্ৰিটিছৰ সংস্থাৰ দ্বাৰা কুন্দ্ৰাৰ ফাৰ্মলৈ স্থানান্তৰ কৰাৰ বিষয়ে এক চুক্তি কৰিছিল । কেনৰিনৰ নামত চাবস্ক্ৰিপশ্বনৰ ধন আহিছিল মুম্বাইৰ এক মেনেজমেণ্টৰ জৰিয়তে ।

আৰক্ষী বিষয়া গৰাকীৰ মতে মুম্বাই অপৰাধ শাখাই গোচৰটো গ্ৰহণ কৰাৰ পূৰ্বে মহাৰাষ্ট্ৰ চাইবাৰৰ ওচৰত ৰেকেটটোৰ বিষয়ে এটা অভিযোগ আছিল । মালৱানী আৰক্ষীয়ে দুগৰাকী মহিলাৰ পৰা লাভ কৰা অভিযোগৰ ভিত্তিত এজাহাৰ দাখিল কৰিছিল ৷ আনহাতে আন এগৰাকী মহিলাই মুম্বাইৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ দূৰত অৱস্থিত লোনাভলা আৰক্ষী থানাত আন এক অভিযোগ দাখিল কৰিছিল । ২০২১ চনৰ ফেব্ৰুৱাৰীত একাংশ ভুক্তভোগীয়ে মালৱানী আৰক্ষীৰ কাষ চাপিছিল আৰু তাৰ পিছতে মুম্বাই অপৰাধ শাখাই গোচৰটোৰ তদন্ত আৰম্ভ কৰিছিল । মালৱানী আৰক্ষীৰ তদন্তৰ পিছত অপৰাধ শাখা, চিআইডি (CID) আৰু সম্পত্তি কোষৰ (Property Cell) দ্বাৰা কৰা তদন্তৰ পিছত এতিয়ালৈকে কমেও ১২ জন গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক :ভাইৰেল হোৱা ৰাজ কুন্দ্ৰাৰ ৯ বছৰ পুৰণি টুইটত কি আছে ?

ABOUT THE AUTHOR

...view details