অসম

assam

ETV Bharat / sitara

সুৰমাত অভিনয় কৰিবলৈ কিয় দ্বিধাবোধ কৰিছিল দিলজিৎ দৌচাঞ্জে ? - diljit Dosanjh was intially hesitant to star in soorma

হকী খেলুৱৈ সন্দীপ সিঙৰ জীৱনৰ ওপৰত আধাৰিত ছবি সুৰমা মুক্তি লাভ কৰা দুবছৰ সম্পূৰ্ণ হ'ল ৷ ছবিখনত পঞ্জাৱী গায়ক গৰাকীয়ে সন্দীপ সিঙৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ ছবিখনে দুটা বছৰ সম্পূৰ্ণ কৰাৰ বিশেষ ক্ষণত দিলজিতে ক'লে যে,তেওঁ ছবিখন কৰিব বিচৰা নাছিল ৷

why diljit Dosanjh was intially hesitant to star in soorma
সুৰমাত অভিনয় কৰিবলৈ কিয় দ্বিধাবোধ কৰিছিল দিলজিৎ দৌচাঞ্জে ?

By

Published : Jul 13, 2020, 8:02 PM IST

চিটাৰা ডেস্ক,13 জুলাইঃপঞ্জাৱী গায়ক তথা অভিনেতা দিলজিৎ দৌচাঞ্জে মুকলিকৈ প্ৰকাশ কৰিলে যে,তেওঁ দুটা বছৰৰ আগতে মুক্তি লাভ কৰা সুৰমা নামৰ ছবিখন কৰিবলৈ প্ৰথমে যথেষ্ট সংকোচ অনুভৱ কৰিছিল ৷

খেলধৰ্মী ছবিখনত প্ৰখ্যাত হকী খেলুৱৈ সন্দীপ সিঙৰ চৰিত্ৰত অভিনয় কৰিছিল দিলজিৎ দৌচাঞ্জে ৷ ছবিখনে সোমবাৰে সম্পূৰ্ণ কৰিলে মুক্তিৰ দুটা সফল বছৰ ৷ এই মূহুৰ্তত দিলজিৎ দৌচাঞ্জে ব্যক্তি কৰিলে যে,প্ৰথম অৱস্থাত তেওঁ ছবিখন কৰিব বিচৰা নাছিল ৷ যথেষ্ট দ্বিধা অনুভৱ কৰিছিল ছবিখন কৰাৰ ক্ষেত্ৰত ৷

ইয়াৰ দুটা কাৰণ আছে বুলি তেওঁ ব্যক্ত কৰে,প্ৰথমটো তেওঁ কোনোদিন হকী খেলি পোৱা নাছিল আৰু দ্বিতীয়তে পঞ্জাৱত ইতিমধ্যে হকীৰ ওপৰত দুখন ছবি নিৰ্মাণ হৈছিল ৷ লগতে হকী খেলুৱৈ সন্দীপ সিঙৰ জীৱন যাত্ৰা আজিৰ প্ৰজন্মৰ বাবে যথেষ্ট প্ৰেৰণাদায়ক বুলি ব্যক্ত কৰে ৷

লগতে পঢ়কঃ অনুপম খেৰৰ মাতৃক ভৰ্ত্তি কৰোৱা হ'ল আইচ'লেচন ৱাৰ্ডত

ABOUT THE AUTHOR

...view details