চিটাৰা ডেস্ক,30জুনঃঅভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত পুনৰবাৰ সৰৱ চৰ্চা বলীউড জগতৰ নেপ'টিজম অৰ্থাৎ ভাই-ভতিজাবাদৰ ওপৰত ৷ এইবাৰ কেৱল তাৰকাৰ মাজতে এই চৰ্চা নাথাকিল, এই চৰ্চা চলিছে অনুৰাগীৰ মাজত ৷ সুশান্তৰ অনুৰাগীসকলে বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে লৈ আৰম্ভ কৰিছে বাদ-বিবাদৰ ৷ বহু অনুৰাগীৰ অনুভৱ বলীউডত অন্যায় হৈছে আউটচাইডাৰ প্ৰতিভাসমূহৰ ক্ষেত্ৰত ৷
এই ঘটনাৰ পিছতে এনেকুৱা বহু চেলিব্ৰেটী আগবাঢ়ি আহিল যি সকলে ছবি জগতত কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত নেপ'টিজমৰ বাবে সমস্যাৰ সন্মুখীন হৈছে ৷ ইয়াৰ মাজতে শেহতীয়াকৈ বলীউডৰ প্ৰসিদ্ধ তথা জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ কথাও পোহৰলৈ আহিছে ৷ তেওঁৰ এটা পুৰণি সাক্ষাৎকাৰ ভিডিঅ' ভাইৰেল হৈছে ৷ য'ত অভিনেত্ৰী গৰাকীয়ে নিজৰ লগত হোৱা এনে এটা ঘটনাই উল্লেখ কৰিছিল ৷ তেওঁ এনে এটা ঘটনাৰ কথা উল্লেখ কৰিছিল য'ত তেওঁৰ হাতৰ পৰা বহুকেইখন ছবি কাঢ়ি লৈ দি দিয়া হৈছিল আন অভিনেত্ৰীক ৷
পুৰণি ভিডিঅ'টোত স্পষ্টকৈ অভিনেত্ৰী গৰাকীয়ে নেপ'টিজমৰ ওপৰত মাত মতা পৰিলক্ষিত হৈছে ৷