অসম

assam

By

Published : Aug 16, 2020, 2:14 PM IST

ETV Bharat / sitara

সঞ্জয় লীলা ভাঞ্চালীৰ কাৰ্যালয়লৈ আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ

শেহতীয়াকৈ প্ৰেমিক যুগল আলিয়া ভাট আৰু ৰণবীৰ কাপুৰক একেলগে দেখা গ'ল ছবি নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ মুম্বাইস্থিত কাৰ্যালয়ৰ সমুখত ৷

Alia Bhatt, Ranbir Kapoor pay a visit to Sanjay Leela Bhansali
সঞ্জয় লীলা ভাঞ্চালীৰ কাৰ্যালয়লৈ আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ

চিটাৰা ডেস্ক,16 আগষ্টঃ সঞ্জয় লীলা ভাঞ্চালীক সাক্ষাৎ কৰিবলৈ গৈছে আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ ৷ দুয়ো একেলগে গৈছে ছবি নিৰ্মাতাগৰাকীৰ মুম্বাইস্থিত কাৰ্যালয়লৈ ৷ আহিবলগীয়া ছবি গংগুবাই কাঠিয়াবাড়ীত সঞ্জয় লীলা ভাঞ্চালীৰ সৈতে একেলগে কাম কৰিছে অভিনেত্ৰী আলিয়া ভাটে ৷ ৰণবীৰ কাপুৰেও Sawariyaছবিত একেলগে কাম কৰিছিল সঞ্জয় লীলা ভাঞ্চালীৰ সৈতে ৷

শেহতীয়াকৈ শনিবাৰে দুয়োগৰাকী তাৰকাই এনেদৰে ছবি নিৰ্মাতাগৰাকীৰ মুম্বাইৰ জুহুস্থিত কাৰ্যালয়লৈ যোৱাৰ দৃশ্য বন্দী হ'ল কেমেৰাত ৷

ছবি নিৰ্মাতাগৰাকীক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়ৰ ফটো, ভিডিঅ' ছ'চিয়েল মিডিয়াত প্ৰকাশ হোৱাৰ পিছতে বহুজনে বহুধৰণে মন্তব্য কৰিছে ৷ এই কথাৰো গুজৱ চলিছে সঞ্জয় লীলা ভাঞ্চালীৰ সৈতে আগন্তুক দিনত পুনৰ একেলগে কাম কৰিবলৈ সাজু হৈছে ৰণবীৰ কাপুৰ ৷

আলিয়া ভাট আৰু ৰণবীৰৰ কামৰ কথালৈ চালে,আগন্তুক দিনত দুয়োকে একলগে দেখিবলৈ পোৱা যাব আয়ান মুখাৰ্জীৰ ব্ৰহ্মাস্ত্ৰনামৰ ছবিখনত ৷

ইফালে গংগুৱাই কাঠিয়াবাডী আৰু ব্ৰহ্মাস্ত্ৰৰ উপৰিও শেহতীয়াকৈ 28 আগষ্টত অ'টিটি প্লেটফৰ্মত মুক্তি পাব আলিয়া ভাট অভিনীত ছড়ক-2নামৰ ছবিখন ৷

লগতে পঢ়কঃধোনীৰ অৱসৰক লৈ কি ক'লে বলীউড তাৰকাই?

ABOUT THE AUTHOR

...view details