নেশ্যনেল ডেস্ক, 9 জুলাইঃ টেলিভিছন ধাৰাবাহিক 'য়ে ৰিস্তা ক্যা কেহলাতা হ্যে'ৰ পৰা বলীউড আৰু ডিজিটেল জগতত খোজ দিয়ালৈকে 8 বছৰ সময়, অভিনেত্ৰী হিনা খানে মনোৰঞ্জন জগতত নিজৰ এক স্থান নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছে ৷ তেওঁৰ মতে,টিভিৰ তাৰকাৰ বাবে বোলছবি জগতত ডাঙৰ কোনো কাৰ্য কৰি দেখুওৱাটো কোনো সহজ কথা নহয় ৷
"আমাৰ মাজত আছে সমতাৰ অভাৱ ৷ নেপোটিজম সৰ্বত্ৰে বিদ্যমান আৰু ই আমাৰ এই শিল্পৰ ক্ষেত্ৰতো বিদ্যমান ৷ আপুনি যদি এগৰাকী তাৰকা আৰু আপুনি আপোনাৰ সন্তানক তাৰকা হিচাপে গঢ় দিবলৈ মন কৰিছে তেন্তে সিমানলৈ ঠিকেই আছে ৷ কিন্তু সেইটো গ্ৰহণযোগ্য কথা নহয়, যদিহে আপুনি সমানেই সুযোগ বাহিৰৰ লোকসকলক নিদিয়ে ৷ টিভিৰ তাৰকা সকলে কেতিয়াবাহে বলীউডত কোনো ডাঙৰ কাম কৰি দেখুৱাব পাৰে,কিয়নো তেওঁলোকে সুযোগ খুব কম পায় ৷ অন্ততঃ টিভি তাৰকাসকলক নিজকে প্ৰমাণ কৰি দেখুৱাবলৈ এটা সুযোগ দিয়ক" বুলি হিনা খানে মন্তব্য কৰে ৷
"সুশান্ত সিং ৰাজপুতৰ যাত্ৰাই মোক যথেষ্ট অনুপ্ৰাণিত কৰিছিল ৷ মই তেওঁৰ বহু কথাই মন কৰিছিলো ৷ তেওঁ নিজক কঠোৰ অধ্যৱসায়েৰে ভাৰতীয় বোলছবি জগতত এটা স্থান নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছিল ৷ আমাৰ দৰে বাহিৰৰ মানুহবোৰৰ কোনো গডফাডাৰ নাই ৷ আমি কেৱল সামান্য সন্মান আৰু স্বীকৃতিহে বিচাৰো ৷ সেয়ে তেওঁলোকে এই ক্ষেত্ৰত এটি সামান্য ভাৰসাম্যতা বজাই ৰখাটো উচিত" বুলি তেওঁ কয় ৷