চিটাৰা ডেস্ক, ২৪ মে' :বলীউডৰ তাৰকা নৱাজুদ্দিন ছিদ্দিকী আৰু আলিয়া ছিদ্দিকীৰ সম্পৰ্কলৈ পুনৰ মুখ খুলিছে পত্নী আলিয়া ছিদ্দিকীয়ে । বিগত ৪-৫ বছৰৰ পৰাই দুয়ো পৃথকে-পৃথকে বাস কৰি আছে বুলি কয় পত্নী আলিয়া ছিদ্দিকীয়ে । এখন টিভি চেনেলক দিয়া সাক্ষাৎকাৰত এই কথা উল্লেখ কৰে আলিয়াই ।
আলিয়াই কয়, মই যোৱা ১৫ দিন পূৰ্বে নৱাজলৈ বিবাদ-বিচ্ছেদৰ এক জাননী প্ৰেৰণ কৰিছো । কিন্তু মানুহে নাজানে যে, আমি বিগত চাৰি-পাঁচ বছৰ ধৰি পৃথকে-পৃথকে থকাৰ কথাটো । পৃথক হোৱাৰ পাচৰে পৰা ইয়াৰি ৰোডৰ মোৰ ঘৰৰ কাষৰ নিজৰ কাৰ্যালয়তে নৱাজুদ্দিন বাস কৰি আছিল । সেই সময়ত সঘনাই আমাৰ ঘৰলৈ আহ-জাহ আছিল অভিনেতাগৰাকীৰ । যাৰ বাবে সকলোৱে আমি ভালদৰে একেলগে বাস কৰি থকা বুলি অনুমান কৰি আহিছিল ।
ইয়াৰ লগতে আলিয়াই কয়, বিবাহ সম্পন্ন হোৱাৰ পাচৰে পৰাই আমাৰ সম্পৰ্কত সমস্যাই দেখা দিবলৈ আৰম্ভ কৰিছিল । নৱাজুদ্দিনৰ লগতে তেওঁৰ ভাতৃৰো মহিলাক কেনেকৈ সন্মান কৰিব লাগে সেই জ্ঞান নাই বুলি বিস্ফোৰক মন্তব্য় দাঙি ধৰে আলিয়াই । আমাৰ সম্পৰ্কত পত্নীক দিবলগীয়া সন্মান কেতিয়াও মই নৱাজুদ্দিনৰ পৰা নাপালো আৰু এই সম্পৰ্কৰ মাজত মই মোৰ আত্ম-সন্মানো হেৰুৱাই পেলালো বুলি উল্লেখ কৰে অভিনেতাগৰাকীৰ পত্নীয়ে ।