চিটাৰা ডেস্ক, ১৯ জুন: 'শ্বেৰণী'(Sherni) ত বন বিষয়াৰ চৰিত্ৰ ৰূপায়ণ কৰাতো প্ৰত্যাহ্বান আছিল অভিনেত্ৰী বিদ্যা বালান(Vidya Balan) ৰ বাবে । শেহতীয়াকৈ Netflix ত মুক্তি লাভ কৰা কৰা ছবিখন সন্দৰ্ভত মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে । 'শ্বেৰণী'ত বিদ্যাই ভিনচেণ্ট নামৰ এগৰাকী বন বিষয়াৰ চৰিত্ৰ ৰূপায়ণ কৰিছে, যি বনগাঁৱত ত্ৰাসৰ সৃষ্টি কৰা এটা বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ চেষ্টা কৰে । বিদ্যাই কয় যে, এয়া কেৱল জংঘলক উপস্থাপন কৰা কাহিনী নহয়, ছবিখনৰ কাহিনী মূলতঃ জংঘলক লৈয়ে লিখা হৈছে ।
ছবিখনৰ চৰিত্ৰ ভিনচেণ্ট জংঘলৰ, বনৰীয়া জন্তুৰ ৰক্ষকৰ দৰে । কাৰণ তেওঁ বন বিভাগত কৰ্মৰত । বিদ্যা বালানে কয় যে, যদিও তেওঁৰ চৰিত্ৰটো "নিষ্ক্ৰিয়" হিচাপে উপস্থাপন কৰা হৈছে, তথাপিও তেওঁৰ চৰিত্ৰটো যথেষ্ট শক্তিশালী । তেওঁ কয় যে, তেওঁ এই চৰিত্ৰটোত অভিনয় কৰি উপলব্ধি কৰিছে যে, মহিলা হৈও এনে ধৰণৰ কাম অতি দক্ষতাৰে কৰিব পৰা যায় ।
ছবিখনৰ চৰিত্ৰ ভিনচেণ্ট হৈছে এনে এগৰাকী মহিলা, যি পৃথিৱীৰ আন লোকৰ সৈতে সততে সম্পৰ্ক বঢ়াব নিবিচাৰে ।