চিটাৰা ডেস্ক, ১৭ জুলাই : অল টাইম হিট অক্ষয় কুমাৰৰ(Akshay Kumar) আহিবলগীয়া এখন নতুন ছবিক লৈ এতিয়া চৰ্চা অব্যাহত আছে । ছবিখন হৈছে 'ৰামসেঁতু'(Ram Setu)। অক্ষয় কুমাৰৰ অনুৰাগীসকলে গভীৰ আগ্ৰহেৰে ছবিখনৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে ।
এনে সময়ত মুম্বাইত একেলগে দেখা গৈছে ছবিখনত অভিনয় কৰা অক্ষয় কুমাৰ, জেকলিন ফাৰ্ণাণ্ডেজ (Jacqueline Fernandez) আৰু নুছৰাত ভৰুচ্চাক (Nushrratt Bharuccha) । মুক্তি লাভ কৰিবলগীয়া ছবিখনৰ প্ৰথম ঝলক চাবলৈ তিনিওগৰাকী তাৰকা একেলগে উপস্থিত হৈছে মুম্বাইত । ৰামসেঁতুৰ পৰিচালক অভিষেক শৰ্মা (Abhishek Sharma) আৰু প্ৰযোজক বিক্ৰম মালহোত্ৰাও (Vikram Malhotra) উপস্থিত থাকে এবুনডাঞ্চিয়া এণ্টাৰটেইনমেণ্টৰ প্ৰডাকচন হাউচত । সাংবাদিকৰ ফটোশ্বুটৰ বাবেও তিনিওগৰাকীয়ে একেলগে প'জ দিয়ে ।
লগতে পৰিচালক আৰু প্ৰযোজকেও তেওঁলোকৰ সৈতে ফটোশ্বুটত ভাগ লয় । ছবিখনত এজন পুৰাতত্ত্ববিদৰ চৰিত্ৰত দেখা যাব খিলাড়ী কিং অক্ষয় কুমাৰক । ছবিখন সম্পৰ্কে তেওঁ পূৰ্বে কৈছিল যে ৰামসেঁতু তেওঁৰ জীৱনৰ বিশেষ ছবিবোৰৰ ভিতৰত অন্যতম ।