অসম

assam

By

Published : Jan 22, 2020, 8:16 PM IST

ETV Bharat / sitara

চন্দ্ৰগুপ্ত মৌৰ্যৰ ওপৰত ছবি নিৰ্মাণ কৰিব বিচাৰোঃ কংগনা ৰাণাৱত

ঝাঞ্চী ৰাণী লক্ষ্মীবাঈৰ চৰিত্ৰ ৰূপায়ন কৰা কংগনা ৰাণাৱতে প্ৰাচীন ভাৰতৰ মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক চন্দ্ৰগুপ্ত মৌৰ্যৰ ওপৰত ছবি নিৰ্মাণ কৰাৰ ইচ্ছা ব্যক্ত কৰে ৷

kangna Ranaut
কংগনা ৰাণাৱত

চিটাৰা ডেস্ক, 22 জানুৱাৰীঃ শেহতীয়াকৈ অভিনেত্ৰী কংগনা ৰাণাৱতে চন্দ্ৰগুপ্ত মৌৰ্যৰ ওপৰত এখন চিনেমা নিৰ্মাণ কৰাৰ ইচ্ছা ব্যক্ত কৰে ৷ মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক চন্দ্ৰগুপ্ত মৌৰ্যৰ বিষয়ে উল্লেখ কৰি চলচ্চিত্ৰ উদ্যোগটোক কেন্দ্ৰ কৰি অভিনেত্ৰীগৰাকীয়ে কয় যে, "আমাৰ ইতিহাসৰ লগত পৰ্যাপ্ত ন্যায় হোৱা নাই " ৷ অভিনেত্ৰীগৰাকীয়ে এই কথাৰ প্ৰসংগতে তেওঁ প্ৰাচীন ভাৰতৰ মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক চন্দ্ৰগুপ্ত মৌৰ্যৰ ওপৰত ছবি নিৰ্মাণ কৰাৰ ইচ্ছা ব্যক্ত কৰে ৷ এখন অগ্ৰণী বাতৰিকাকতৰ প্ৰকাশকে আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰাপ্ত অভিনেত্ৰীগৰাকীয়ে ৷ য'ত অভিনেত্ৰীগৰাকীয়ে ৰাজনীতিজ্ঞ ৰবি কিশানৰ সৈতে ভোজপুৰী গীতৰ তালে তালে নৃত্য কৰাৰ পূৰ্বে অংশগ্ৰহণ কৰিছিল এখন প্ৰশ্নোত্তৰ সভাত ৷ গৌৰখপুৰৰ বিজেপিৰ সাংসদ ৰবি কিশানৰ প্ৰশ্নৰ উত্তৰ দি মঙলবাৰে অভিনেত্ৰীগৰাকীয়ে কৈছিল, এইয়া তেওঁৰ দ্বিতীয় বিহাৰ যাত্ৰা ৷

তেওঁ কয় , "যোৱাবাৰ ইয়ালৈ আহোতে মই শিশু হৈ আছিলো ৷ কিন্তু এতিয়ালৈকে মই ৰাজ্যখনৰ বিষয়ে ভালকৈ জনাৰ সুবিধা পোৱা নাই, কিন্তু তথাপিও মই ৰাজ্যখনৰ সৈতে নিজকে কিবা এটা জড়িত অনুভৱ কৰোঁ কাৰণ মোৰ যোগৰ গুৰু গৰাকীৰ মূল সুঁতি ইয়াৰ লগতে জড়িত ৷" অভিনেত্ৰীগৰাকীৰ কামৰ কথালৈ গ'লে , দুটা দিনৰ পিছতে আহি আছে অভিনেত্ৰীগৰাকীৰ নতুন ছবি "পাংগা" ৷

লগতে পঢ়কঃমানসিক স্বাস্থ্য সজাগতা অভিযানৰ বাবে দীপিকা পাডুকনলৈ গ্লৱেল এৱাৰ্ড

ABOUT THE AUTHOR

...view details