চিটাৰা ডেস্ক, ২১ ডিচেম্বৰ: বিবেক অ'বেৰয়ে নিৰ্মাণ আৰু অভিনয় কৰা "ৰ'জি : দ্য চেফ্ৰণ চেপ্টাৰ" ছবিখনৰ দৃশ্যগ্ৰহণ আজিৰে পৰা পুণেত আৰম্ভ হৈছে । ছবিখনত মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিব ৰূপালী পৰ্দাৰ অভিনেত্ৰী স্বেতা তিৱাৰীৰ কন্যা পলক তিৱাৰীয়ে । বিশাল মিশ্ৰই নিৰ্দেশনা কৰা ভৌতিক থ্ৰিলাৰ ছবি "ৰ'জি : দ্য চেফ্ৰণ চেপ্টাৰ" গুৰুগ্ৰামৰ এটা সঁচা ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে ।
ইয়াত ৰজিৰ চৰিত্ৰক মুখ্য চৰিত্ৰ হিচাপে দাঙি ধৰা হৈছে, যি চেফ্ৰণ বি পিঅ'ৰ এগৰাকী কৰ্মচাৰী । চেফ্ৰণ বি পিঅ'ত অশৰীৰী আত্মাই বাস কৰে বুলি ছবিখনত দেখুওৱা হৈছে । আজি পুণেত দৃশ্যগ্ৰহণৰ প্ৰথম দিনটোত বিবেকক সহ-নিৰ্মাতা প্ৰেৰণা আৰোৰা সৈতে দৃশ্যগ্ৰহণস্থলীত কলা-কুশলীসকলৰ উপস্থিতিত পূজা কৰি থকা দেখা গৈছে ।