চিটাৰা ডেস্ক, ১১ অক্টোবৰ: "আদানি বন্দৰত ৩,০০০ কিল’গ্ৰাম তালিবানী-ড্ৰাগছ জব্দ হোৱা ঘটনাক গাপ দিবলৈ শ্বাহৰুখ খান আৰু তেওঁৰ পৰিয়ালক ড্ৰাগছ পাৰ্টীৰ গোচৰৰে জড়িত কৰা হৈছে । ড্ৰাগছ পাৰ্টীৰ গোচৰৰ জৰিয়তে বিজেপিৰ মন্ত্ৰী তথা পুত্ৰৰ বাহনে কৃষকক মহতিয়াই নিয়া ঘটনাৰ পৰাও দেশবাসীৰ দৃষ্টি আঁতৰ কৰাৰ চেষ্টা কৰা হৈছে" । ছবি নিৰ্মাতা অশ্বিনী চৌধুৰীৰ টুইটৰ প্ৰতিক্ৰিয়াত এই মন্তব্য সংগীতকাৰ বিশাল দদলানিৰ ।
উল্লেখ্য যে, ক্ৰুজত চলা ড্ৰাগছ পাৰ্টী গোচৰত চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা নাৰ্ক'টিক্স কণ্ট্ৰ’ল ব্যুৰ' ৰ এই অভিযান সন্দৰ্ভত বহু প্ৰশ্ন উত্থাপন হোৱাৰ লগতে সন্দেহ বৃদ্ধি পাইছে ।
ড্ৰাগছৰ পাৰ্টীৰ গোচৰত আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ পাচতেই পিতৃ শ্বাহৰুখ খানলৈ বলীউডৰ প্ৰায়বোৰ তাৰকাই সমৰ্থন আগবঢ়াইছে । শেহতীয়াকৈ বিশাল দদলানিয়েও মুকলিলৈ সমৰ্থন আগবঢ়াইছে শ্বাহৰুখলৈ । তেওঁ দাবী কৰিছে যে, আদানি বন্দৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হোৱা ঘটনাৰ বিষয়ে যাতে দেশবাসীয়ে অৱগত হ'ব নোৱাৰে, সেইবাবে কৰ্ডেলিয়া ক্ৰুজৰ ড্ৰাগছ পাৰ্টীৰ গোচৰক এই ৰূপ দিয়া হৈছে ।