অসম

assam

ETV Bharat / sitara

গণতন্ত্ৰত শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত হিংসা প্ৰদৰ্শন কৰাটো ভুলঃ প্ৰিয়ংকা

বলীউড অন্য তাৰকাৰ লগতে জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই ছাত্ৰ সমাজৰ সৈতে একজোঁট বুলি মন্তব্য কৰিছে ৷ উল্লেখ্য যে,প্ৰিয়ংকা বিশ্বৰ ইউনিচেফ সদ্ভাৱনাৰ ৰাষ্ট্ৰদূত হোৱাৰ লগতে শিক্ষা খণ্ডৰ লগতো জড়িত ৷

By

Published : Dec 19, 2019, 6:47 PM IST

Violence against peaceful protesters wrong in thriving democracy: Priyanka
প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্য

মুম্বাই,19 ডিচেম্বৰঃজামিয়া মিলিয়া ইছলামিয়া আৰু আলীগড় মুছলিম বিশ্ববিদ্যালয়ত ছাত্ৰৰ ওপৰত আৰক্ষীৰ কাৰ্যকলাপৰ সন্দৰ্ভত ক্ষোভিত হৈ পৰে প্ৰিয়ংকা চোপ্ৰা ৷ অভিনেত্ৰী গৰাকীয়ে বৃহস্পতিবাৰে কয়,এখন গণতান্ত্ৰিক দেশত,শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত এনেদৰে হিংসা প্ৰদৰ্শন কৰাটো ভুল হৈছে ৷

প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্য

37 বছৰীয়া অভিনেত্ৰীগৰাকীয়ে,দেওবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আৰক্ষীৰ বৰ্বৰতাৰ সন্মুখীন হোৱা এই হিংসাত্মক ঘটনাৰ তীব্ৰ বিৰোধিতা কৰে ৷
"সকলো ল'ৰা-ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰিবলৈ পোৱাটো আমাৰ সপোন ৷ শিক্ষা সেয়া হয় যি স্বতন্ত্ৰ ৰূপত ভাৱিবৰ বাবে সবলীকৰণ কৰা হয়,আমি তেওঁলোকক মত দাঙি ধৰিবৰ বাবেই শিক্ষা দিও ৷ এখন গণতন্ত্ৰত নিজৰ মত শান্তিপূৰ্ণভাৱে দাঙি ধৰাটোৰ লগত হিংসাত্মক কাৰ্য মিলোৱাটো ভুল কথা ৷ প্ৰত্যেক কন্ঠৰে গুৰুত্ব আছে ৷ আৰু প্ৰত্যেকটো কন্ঠই ভাৰতক সলনি কৰাৰ দিশত সহায়ক হ'ব ৷ #Havevoicewillraise #Havevoicemustraise" বুধবাৰে এইদৰে টুইটযোগে নিজৰ মত প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে ৷

অভিনেতা ফাৰহান আখটাৰ,ঋত্বিক ৰোশন,মহম্মদ জিশান আয়ুব,পৰিণীতি চোপ্ৰা,সিদ্ধাৰ্থ মলহোত্ৰা,লেখক জাৱেদ আখটাৰ,ছবি নিৰ্মাতা বিশাল ভৰদ্বাজ,অনুৰাগ কাশ্যপ আৰু হলীউড অভিনেতা জন কুসেকৰ দৰে ছবিজগতৰ লগত জড়িত বহুজনে ছাত্ৰ সমাজৰ লগত একজোঁট বুলি ব্যক্ত কৰে ৷

লগতে পঢ়কঃনাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা ৰাধিকা আপ্তেৰ

ABOUT THE AUTHOR

...view details