অসম

assam

By

Published : Jul 8, 2020, 7:13 PM IST

ETV Bharat / sitara

পুনৰ কামলৈ উলটিল বিদ্যা বালন; শ্বেয়াৰ কৰিলে ফটো

তাপসী পান্নুৰ পিছত এইবাৰ বিদ্যা বালনে আৰম্ভ কৰিলে নিজৰ কাম ৷ এই কথাক লৈ নিজৰ সুখ ব্যক্ত কৰিছে অভিনেত্ৰী বিদ্যা বালনে ৷ শেহতীয়াকৈ অভিনেত্ৰী গৰাকীয়ে নিজৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে ভেনিটি ভেনৰ পৰা এখন ফটো শ্বেয়াৰ কৰে ৷

Vidya Balan gets Back to work
পুনৰ কামলৈ উলটিল বিদ্যা বালন

চিটাৰা ডেস্ক,8 জুলাইঃ কৰ'ণা ভাইৰাছৰ দৰে ভয়াৱহ মহামাৰীৰ বাবে যেন থমকি ৰৈছিল পৃথিৱীখন ৷ কিন্তু তাৰ মাজতেই চৰকাৰে লক্ ডাউন খোলাৰ সিদ্ধান্ত লোৱাত বহুজনে নিজৰ কাম-কাজ পুনৰ আৰম্ভ কৰিছে ৷ বলীউড জগতো ইয়াৰ ব্যতিক্ৰম হোৱা নাই ৷ বলীউড জগতৰ বহু অনুষ্ঠানৰ শ্বুটিং আৰম্ভ হৈছে ৷ ইয়াৰ মাজতেই বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী বিদ্যা বালনো নিজৰ কামলৈ পুনৰ উভতিছে ৷ শেহতীয়াকৈ এখন ভেনিটি ভেনত বহি থকাৰ ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷

ছ'চিয়েল মিডিয়া একাউন্ট যোগে ভেনিটি ভেনৰ পৰা ফটো শ্বেয়াৰ
পুনৰ কামলৈ উলটিল বিদ্যা বালন

বিদ্যা বালনে বহু সময়ৰ পিছত নিজৰ ঘৰৰ বাহিৰত ভৰি থৈছে ৷ শেহতীয়াকৈ কামৰ ঠাইৰ পৰা শ্বেয়াৰ কৰা ফটোখনত বিদ্যা বালনৰ সৈতে দেখিবলৈ পোৱা গৈছে তেওঁৰ ডিজাইনাৰ আৰু অন্য দুগৰাকী ব্যক্তিক ৷ ফটোখনত অভিনেত্ৰী গৰাকীক যথেষ্ট সুখী দেখিবলৈ পোৱা গৈছে ৷ লক্ ডাউনৰ পিছত পুনৰ কামলৈ উভতি বৰ্তমান আনন্দিত হৈ পৰিছে অভিনেত্ৰী বিদ্যা বালন ৷

এইখিনিতে জনাই থওঁ যে, ক্ৰমাণ্বয়ে ছবিৰ লগতে টেলিভিছনৰ ধাৰাবাহিক সমূহৰো শ্বুটিং আৰম্ভ হৈ গৈছে ৷

লগতে পঢ়কঃকাশ্মীৰৰ এগৰাকী শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল সুশান্ত সিং ৰাজপুত

ABOUT THE AUTHOR

...view details