চিটাৰা ডেস্ক, ১৯ জুলাই: শেহতীয়াকৈ এটা ভিডিঅ'ৰ বাবে চৰ্চালৈ আহিছে অভিনেতা বিকী কৌশল (Vicky Kaushal) । ভিডিঅ'টোত দেখা গৈছে যে, বিকীয়ে ভেনিটী ভেনত 'পাৰ্পল হেট' শীৰ্ষক গীতটিত লিপ ছিংক্ৰ'নাইজ কৰিছে । ইনষ্টাগ্ৰাম পোষ্টযোগে এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে বিকীয়ে । অতি সহজে অভিনেতাগৰাকীয়ে ৰেপ ছং আয়ত্ব কৰা বাবে দীপিকা পাডুকন, ঋত্বিক ৰোশন আৰু আয়ুষ্মান খুৰানাৰ দৰে তাৰকা আচৰিত হৈ পৰে ।
লগতে তেওঁলোকে এই প্ৰতিভাৰ বাবে বিকীক প্ৰশংসাও কৰে । কিন্তু বিকীৰ সৰু ভাতৃ ছানী কৌশলে বিকীৰ এই ভিডিঅ'টোক লৈ আমোদজনক কমেণ্ট কৰা দেখা গৈছে । ছানীয়ে বিকীৰ ওঁঠ কম্পিউটাৰ গ্ৰাফিক্স বুলি কৈ হাস্যকৰ কমেণ্ট কৰে । আনহাতে, বিকীৰ পোষ্টত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দীপিকা পাডুকনে কমেণ্ট ছেকছনত আৰ অ এফ এল (RAFL)আইকন পোষ্ট কৰে ।
কেৱল দীপিকাই নহয়, বিকীৰ ভিডিঅ'টোত ছুপাৰষ্টাৰ ঋত্বিক ৰোশনেও মন্তব্য কৰে । অভিনেতাজনে তেওঁৰ ভিডিঅ'ত ঋত্বিকৰ কমেণ্ট দেখি আচৰিত হৈ পৰা দেখা গৈছে । আনহাতে, বিকীৰ ভায়েক ছানীয়ে বিকীৰ ওঁঠক কম্পিউটাৰ গ্ৰাফিক্সৰ লগত তুলনা কৰে ।