চিটাৰা ডেস্ক,১৭ অক্টোবৰ :শেহতীয়াকৈ চৰ্চাত আছে অভিনেতা বিকি কৌশল । অভিনেতাগৰাকীৰ ছবি 'চৰ্দাৰ উধম'(Sardar Udham) মুক্তিৰ পাছতে তেওঁৰ অভিনয়কলৈ চাৰিওফালে প্ৰতিক্ৰিয়া হৈছে । সমান্তৰালকৈ তেওঁৰ ব্যক্তিগত এক খবৰেও অনুৰাগীৰ মাজত ব্যাপক চৰ্চা হৈছে । কিয়নো অভিনেত্ৰী কেটৰীণা কাঈফৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা বুলি চৰ্চা চলি থকাৰ মাজতে অভিনেতাগৰাকীয়ে এংগেজমেণ্টৰ (engagement) কথা উল্লেখ কৰিছে ।
উল্লেখ্য যে চলমান খানৰ টাইগাৰ-৩ (Tiger 3) ছবিখনত দেখা যাব কেটৰীণা কাঈফক । ছবিখনৰ শ্বুটিঙৰ বাবে কেটৰীণাই ৰাছিয়ালৈ যোৱাৰ পূৰ্বে এতিয়া বিকি আৰু কেটৰীণাৰ এংগেজমেণ্টৰ খবৰে সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া হৈছে । 'চিদ্দাত'ৰ (Shiddat) প্ৰচাৰৰ সময়ত বিকিৰ ভাতৃ চানী কৌশলক এংগেজমেণ্টৰ খবৰ সঁচা নে মিছা সোধা হৈছিল তেতিয়া তেওঁ হাঁহিছিল । কিন্তু প্ৰায় দুমাহৰ অন্তত বিকিৰ এক মন্তব্যই পুনৰবাৰ এংগেজমেণ্টৰ খবৰে বিশেষ মাত্ৰা লাভ কৰিছে ।