অসম

assam

ETV Bharat / sitara

মই ৰোমাণ্টিক যদিও আকৰ্ষণীয় নহয় : বিকী কৌশল

বলিউডৰ হাৰ্টথ্ৰৱ খ্যাত অভিনেতা বিকী কৌশলৰ নিজ সৌন্দৰ্যক লৈ মন্তব্য ৷ কাহানিও মহিলা অনুৰাগীৰ পৰা মৰম আৰু সঁহাৰি পাব বুলি আশা কৰা নাছিল বিকীয়ে ৷ তেওঁ নিজকে ৰোমাণ্টিক বুলি ভাবে যদিও কেতিয়াও আকৰ্ষণীয় বুলি গণ্য নকৰে ৷

By

Published : Jan 3, 2021, 2:30 PM IST

Vicky Kaushal
বিকী কৌশল

চিটাৰা ডেস্ক,3 জানুৱাৰী : শেহতীয়াকৈ নিজৰ সৌন্দৰ্যক লৈ কিছু কথা ব্যক্ত কৰিছে বলিউডৰ হাৰ্টথ্ৰৱ খ্যাত অভিনেতা বিকী কৌশলে ৷ তেওঁৰ ভাষ্য অনুসৰি, কলেজৰ দিনৰ লেখীয়াকৈ এতিয়া তেওঁ আত্মবিশ্বাসী নহয় ৷ সম্প্ৰতি প্ৰেম আৰু অনুৰাগৰ অভাৱ নথকা অভিনেতা বিকীয়ে কাহানিও বিশেষকৈ মহিলা অনুৰাগীৰ পৰা মৰম আৰু সঁহাৰি পাব বুলি আশা কৰা নাছিল ৷

চ’ছিয়েল মিডিয়াত বিবাহৰ প্ৰস্তাৱ পোৱাতো বিকীৰ নতুন কথা নহয় ৷ বিকীৰ বলিউড যাত্ৰাই তেওঁক ‘বিকী’ নামেৰে সুকীয়া পৰিচয় দিয়াৰ লগতে আৰ্থিকভাৱেও বহু সৱল কৰি তুলিছে ৷ কিন্তু কলেজৰ সময়চোৱাত বিকী কেতিয়াও মহিলাসকলৰ মাজত জনপ্ৰিয় নাছিল বুলি তেওঁ সদৰি কৰে ৷

বিকী কৌশল

এক আলোচনীৰ সাক্ষাৎকাৰত বিকীয়ে কয় যে, তেওঁ নিজকে ৰোমাণ্টিক বুলি ভাবে যদিও কেতিয়াও নিজকে আকৰ্ষণীয় বুলি নাভাবে ৷ কলেজৰ সময়ছোৱাত তেওঁ মহিলাসকলৰ মাজত একেবাৰেই জনপ্ৰিয় নাছিল ৷ সৎ হ'বলৈ, কাৰোবাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ তেওঁৰ কেতিয়াও আত্মবিশ্বাস নাছিল । কলেজৰ দিনত বিকীয়ে আন এজন লোকক ভালদৰে জনাৰ পাচতহে তেওঁক লাহে লাহে বিশ্বাস কৰিবলৈ লৈছিল ৷

শীঘ্ৰেই বিকীক মিছ ৱৰ্ল্ড মানুষী চিল্লাৰৰ সৈতে একেলগে পৰ্দাত দেখিবলৈ পোৱা যাব ৷ অৱশ্যে বৰ্তমানো উল্লেখ কৰা হোৱা নাই তেওঁলোকৰ এই নতুন কামৰ নাম ৷

লগতে পঢ়ক :ক্ৰিছ নোলানৰ সৈতে কাম কৰি অভিনেত্ৰীৰ সুকীয়া পৰিচয় প্ৰাপ্তি এলিজাবেথৰ

ABOUT THE AUTHOR

...view details