চিটাৰা ডেস্ক,23 জানুৱাৰীঃবিকী কৌশল আৰু কেটৰিণা কাঈফৰ প্ৰেমৰ সম্পৰ্কক লৈ গুজৱ চলি আছে সমগ্ৰ বি-টাউনত ৷ খবৰটো পোৱাৰ লগে লগে উৎসাহী হৈ পৰিছে অনুৰাগীসকল ৷ বিগত কেইমাহমানৰ পৰা বিকী আৰু কেটৰিণাক প্ৰায়েই পাৰ্টীসমূহত একেলগে দেখিবলৈ পোৱা গৈছিল ৷ যোৱাটো সপ্তাহত ছবি নিৰ্মাতা আলি আব্বাচ জাফাৰৰ জন্মদিনৰ পাৰ্টীত দুয়োকে দেখিবলৈ পোৱা গৈছিল একেলগে ৷
বিকী কৌশল আৰু কেটৰিণা কাঈফৰ প্ৰেমৰ বাতৰিয়ে ৰোমাঞ্চিত কৰি তুলিছে অনুৰাগীক - চ'ছিয়েল মিডিয়াত ভাইৰেল বিকী কৌশল আৰু কেটৰিণা কাঈফৰ প্ৰেম
বিকী কৌশল আৰু কেটৰিণা কাঈফৰ প্ৰেমৰ উৰাবাতৰিয়ে আমোদ দিছে বি-টাউনবাসীক ৷ শেহতীয়াকৈ দুয়োগৰাকী তাৰকাকে একেলগে দেখিবলৈ পোৱা গৈছিল তেওঁলোকৰ এজন বন্ধুৰ পাৰ্টীত ৷
চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দুয়োৱে একেলগে এজন বন্ধুৰ পাৰ্টীত যোৱা দৃশ্য় ৷ সূত্ৰৰ দ্বাৰা জানিব পৰা মতে, দুয়োৰে অনুৰাগীয়ে খুবেই পচন্দ কৰিছে বি-টাউনৰ এই নতুন প্ৰেম-যুগলক ৷ বহুতে দুয়োকে লৈ চ'ছিয়েল মিডিয়াত প'ষ্ট কৰাও পৰিলক্ষিত হৈছে ৷ এজনে যদি লিখিছে "ৱাও, বিকী আৰু কেটৰিণা", আনজনে আকৌ লিখিছে, "মিষ্টাৰ এণ্ড মিচেছ কৌশল "৷ তেনেকুৱাতে এজনে লিখিছে ,"কি সুন্দৰ কপাল বিকী কৌশলৰ "৷ "অপ্ৰতিৰোধ্য প্ৰেম" বুলিও আকৌ এজন আনুৰাগীয়ে কমেন্ট কৰিছে দুয়োৰে প্ৰেমৰ বিষয়ে ৷ অৱশ্যে সময়তহে জানিব পৰা যাব, এইয়া কেৱল উৰা বাতৰি নে সঁচাই গভীৰতা আছে দুই তাৰকাৰ প্ৰেমৰ বাতৰিৰ ৷