অসম

assam

প্ৰসিদ্ধ সংগীতশিল্পী এচ.পি.বালাসুব্ৰমনিয়ামৰ দেহত কৰ'ণা ভাইৰাছ

By

Published : Aug 5, 2020, 4:15 PM IST

অনুভৱী নেপথ্য কন্ঠশিল্পী এচ.পি.বালাসুব্ৰমনিয়ামে ছ'চিয়েল মিডিয়া যোগে জনাইছে যে, তেওঁৰ দেহত ধৰা পৰিছে কৰ'ণা সংক্ৰমণ ৷ সংগীত শিল্পীগৰাকীৰ দেহত COVID-19 ৰোগৰ পাতল লক্ষণ দেখা দিছিল ৷ তাৰ পিছতে কৰ'ণা পৰীক্ষণৰ ফলাফল পজিটিভ অহাত হাস্পতালত ভৰ্ত্তি কৰা হয় কন্ঠশিল্পীগৰাকীক ৷

Veteran singer S. P. Balasubrahmanyam confirms testing COVID-19 positive
প্ৰসিদ্ধ সংগীতশিল্পী এচ.পি.বালাসুব্ৰমনিয়ামৰ দেহত কৰ'ণা ভাইৰাছ

চিটাৰা ডেস্ক,5 আগষ্টঃ মহান নেপথ্য কন্ঠশিল্পী এচ.পি.বালাসুব্ৰমনিয়ামৰ কৰ'ণা পৰীক্ষণ কৰাৰ পিছতে তেওঁৰ ফলাফল পজিটিভ আহে ৷ তেওঁ ছ'চিয়েল মিডিয়া যোগে এটা ভিডিঅ'ৰ মাধ্যেমেৰে এই কথা জনাইছে তেওঁৰ অনুৰাগীসকলক ৷ লগতে সকলোকে চিন্তিত নহ'বৰ বাবে অনুৰোধ কৰিছে কাৰণ তেওঁ বৰ্তমান যথেষ্ট সুস্থ বুলি প্ৰকাশ কৰিছে ৷

74 বছৰীয়া কন্ঠশিল্পী গৰাকীয়ে নিজৰ ফেচবুক পেজ যোগে এই ভিডিঅ'টো প'ষ্ট কৰিছে ৷ তেওঁ ভিডিঅ'টোত কৈছে যে, বিগত কিছুদিনৰ পৰা তেওঁ ঠাণ্ডা আৰু জ্বৰ অনুভৱ কৰিছিল ৷ সেয়ে এই পাতল লক্ষণৰ ভিত্তিত তেওঁ নিজৰ কৰ'ণা পৰীক্ষণ কৰে আৰু ইয়াৰ ফলাফল পজিটিভ আহে ৷

লক্ ডাউনৰ সময়খিনিত তেওঁ 200 ৰো অধিক সংগীতশিল্পীৰ সৈতে এটা প্ৰজেক্টৰ বাবে কাম কৰিছিল ৷ তেওঁৰ সহিতে 200 ৰো অধিক কী কন্ঠশিল্পীয়ে মিলি "জয়তু জয়তু ভাৰতম্​, বাসুদেৱ কুটুম্বক্কম" নামৰ এটি গীত ঘৰত থাকিয়েই বাণীবদ্ধ কৰিছিল আৰু এই গীতটো 17মে' তাৰিখে মুক্তি লাভ কৰিছিল ৷

লগতে পঢ়কঃঅসম সন্তানৰ কাৰুকাৰ্যৰে জিলিকিব ৰাম মন্দিৰ

ABOUT THE AUTHOR

...view details