চিটাৰা ডেস্ক,28 জুলাইঃ86 বছৰ বয়সত দেহাৱসান ঘটে বলীউডৰ প্ৰসিদ্ধ অভিনেত্ৰী কুমকমৰ ৷ তেওঁৰ মৃত্যুৰ বাতৰি টুইট যোগে প্ৰকাশ কৰে জনী ৱাকৰৰ পুত্ৰ নাচিৰ খানে ৷
ইফালে প্ৰসিদ্ধ অভিনেতা জগদ্বীপৰ পুত্ৰ নাৱেদ জাফৰীও শোক প্ৰকাশ কৰে অভিনেত্ৰী গৰাকীৰ মৃত্যুত ৷ অভিনেত্ৰী গৰাকীয়ে মাদাৰ ইণ্ডিয়া,কহিনুৰ,এক চপেৰা এক লুটেৰা,নয়া দৌৰৰ দৰে বহুতো জনপ্ৰিয় ছবিত অভিনয় কৰিছিল ৷