অসম

assam

By

Published : Apr 4, 2021, 6:44 PM IST

ETV Bharat / sitara

বিশিষ্ট অভিনেত্ৰী শশীকলা ওম প্ৰকাশ চাইগেলৰ দেহাৱসান

বিশিষ্ট অভিনেত্ৰী শশীকলা ওম প্ৰকাশ চাইগেলৰ দেহাৱসান । অৱশ্যে তেওঁৰ মৃত্যুৰ খবৰ পৰিয়ালৰ তৰফৰ পৰা বৰ্তমানেও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই । লেখক কিৰণ কোট্ৰিলে ছচিয়েল মিডিয়াত কৰা এক পোষ্টতহে এই কথা গম পোৱা গৈছে ।

শশীকলা ওম প্ৰকাশ চাইগেলৰ দেহাৱসান
শশীকলা ওম প্ৰকাশ চাইগেলৰ দেহাৱসান

চিটাৰা ডেস্ক, ৪ এপ্ৰিল: বিশিষ্ট অভিনেত্ৰী শশীকলা ওম প্ৰকাশ চাইগেলৰ দেহাৱসান । দেওবাৰে দিনৰ ১২ বজাত নিদ্ৰাৰত অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ । অৱশ্যে তেওঁৰ মৃত্যুৰ খবৰ পৰিয়ালৰ তৰফৰ পৰা বৰ্তমানেও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই । লেখক কিৰণ কোট্ৰিলে ছচিয়েল মিডিয়াত কৰা এক পোষ্টতহে এই কথা গম পোৱা গৈছে ।

মহাৰাষ্ট্ৰৰ চোলাপুৰত জন্মগ্ৰহণ কৰা বিশিষ্ট অভিনেত্ৰী শশীকলা ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন জগতৰ এগৰাকী অভিজ্ঞ অভিনেত্ৰী হিচাপে জনাজাত । বহু হিন্দী চলচ্চিত্ৰত বলিষ্ঠ অভিনয়ৰে দৰ্শকৰ মন জয় কৰি আহিছুল অভিনেত্ৰীগৰাকীয়ে । ১০০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে । তেওঁৰ ২০ বছৰ বয়সতে ওম প্ৰকাশ চাইগালক লগ পাই বিবাহপাশত আৱদ্ধ হৈছিল ৷ আৰু ইয়াৰ পিছতেই তেওঁলোকৰ সংসাৰলৈ দুজনীকৈ কন্যা সন্তানৰ আগমণ ঘটিছিল ।

২০ ৰ দশকত, তেওঁ কভি খুচী কভি গম (২০০১), ঝাংকৰ বিটছ, চোৰী চোৰী (২০০৩), মুঝছে শাদী কৰোগী (২০০৩) আৰু ৰাখ্ট (২০০৪) আদি ছবিত অভিনয় কৰিছিল । ২০০৫ চনত মহেশ মঞ্জৰেকাৰৰ পৰিচালিত পদ্মশ্ৰী লালু প্ৰসাদ যাদৱ মুক্তি লাভ কৰিছিল ।

লগতে পঢ়ক: কৰ'ণাত আক্ৰান্ত বলীউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰ

ABOUT THE AUTHOR

...view details