নেচনেল ডেক্স, 16 জুন :প্ৰবীন অভিনেতা, পৰিচালক চন্দ্ৰশেখৰৰ দেহাৱসান ৷ অভিনেতাজনে জীৱনকালত 250 খনতকৈ অধিক চলচিত্ৰত অভিনয় কৰাৰ লগতে টিভি ধাৰাবাহিকতো কাম কৰিছিল ৷ প্ৰবীন অভিনেতাজনে জনপ্ৰিয় ধাৰাবাহিক "ৰামায়ণ"ত সুমন্ত্ৰৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ "সুৰং", "চা চা চা", "কালি টূপী লাল ৰুমাল" আৰু "বসন্ত বাহাৰ"ৰ দৰে চলচিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল চন্দ্ৰশেখৰে ৷
অভিনয়ৰ সমান্তৰালকৈ "ষ্ট্ৰীট চিংগাৰ" আৰু "চা চা চা" চলচিত্ৰৰ পৰিচালনা আৰু প্ৰযোজনা কৰিছিল চন্দ্ৰশেখৰে ৷ অভিনেতা চন্দ্ৰশেখৰে অভিনয়ৰ লগতে "পৰিচয়", "কৌশিশ", "খুশবু", "আচানক", "আন্ধি", "মৌচম"ৰ দৰে চলচ্চিত্ৰত গুলজাৰৰ সহকাৰী পৰিচালক হিচাপেও কাম কৰিছিল ৷
উল্লেখ্য যে, তেওঁ 1985 চনৰ পৰা 1996 চনলৈ চিনে আৰ্টিষ্ট এছ'চিয়েচন (CINTAA) ৰ সভাপতি আছিল ৷ তাৰোপৰি তেওঁ কৰ্মজীৱনৰ বিভিন্ন সময়ত ফেডাৰেচন অফ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এমপ্লয়িজ (FWICE)ৰ সভাপতি, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক সংস্থাৰ উপ-সভাপতি আৰু ইণ্ডিয়ান মোচন পিকচাৰ্ছ প্ৰডিউচাৰ এছ'চিয়েচন (IMPPA)ৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি "ৰামায়ণ"ত ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিলে হিন্দীত টুইট কৰি "ৰামায়ণত মহামন্ত্ৰী সুমন্ত্ৰৰ চৰিত্ৰত অভিনয় কৰা শ্ৰী চন্দ্ৰশেখৰৰ মৃত্যুৰ বাতৰি দি অভিনেতাগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰে ৷
লগতে পঢ়ক :২৪ ঘণ্টাই চিকিৎসা সেৱা প্ৰদান কৰিবলৈ টিংখাং আছুৰ স্মাৰক পত্ৰ