অসম

assam

ETV Bharat / sitara

মহামাৰীৰ সংকট দূৰ হ'লেই বিবাহপাশত আৱদ্ধ হ'ব বৰুণ-নাতাশা - মহামাৰীৰ সংকট

বিগত দুটা বছৰে অভিনেতা বৰুণ ধৱন আৰু তেওঁৰ প্ৰেয়সী নাতাশা দালালৰ বিয়াৰ বিষয়ে চৰ্চা অব্যাহত আছে । এইবাৰ নিজৰ বিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বৰুণে । COVID-১৯ৰ বাবে ভয়াৱহতাৰ অন্ত পৰিলেই বিবাহৰ যো-জা চলাব বৰুণ-নাতাশাই ।

মহামাৰীৰ সংকট দূৰ হ'লেই বিবাহপাশত আৱদ্ধ হ'ব বৰুণ-নাতাশা
মহামাৰীৰ সংকট দূৰ হ'লেই বিবাহপাশত আৱদ্ধ হ'ব বৰুণ-নাতাশা

By

Published : Jan 9, 2021, 7:10 PM IST

চিটাৰা ডেস্ক, ৯ জানুৱাৰী: মহামাৰীৰ সংকটৰ পৰা মুক্ত হ'লেই বিবাহপাশত আৱদ্ধ হ'ব অভিনেতা বৰুণ ধৱন আৰু নাতাশা দালাল । শেহতীয়াকৈ ৱেবলইডৰ সৈতে হোৱা সাক্ষাৎকাৰত বৰুণে প্ৰকাশ কৰিছে যে,কৰ'ণাসৃষ্ট ভয়াৱহ পৰিস্থিতিৰ অন্ত পৰিলেই বিয়াৰ পৰিকল্পনা কৰিব । দীৰ্ঘদিন ধৰি নাতাশাৰ সৈতে বৰুণৰ প্ৰেমৰ সম্পৰ্ক আছে যদিও তেওঁ ব্যক্তিগত জীৱনৰ কথা ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে । কিন্তু বিগত কিছুদিন ধৰি দুয়োৰে একেলগে থকা ফটো প্ৰায়েই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে ।

সাক্ষাৎকাৰত বৰুণে বিয়াৰ প্ৰসংগত কয় যে,যোৱা ২ বছৰ ধৰি সকলোৱে তেওঁৰ বিয়াৰ কথা কৈ আছে । COVID-১৯ৰ বাবে ভয়াৱহতাৰ অন্ত পৰিলে চলিত বছৰতে বিয়াৰ পৰিকল্পনা কৰিব বুলি জনায় অভিনেতাগৰাকীয়ে । আনহাতে,কৰীণা কাপুৰ খানৰ এক ৰেডিঅ' শ্ব'ত অংশ লৈ বৰুণে কৈছিল যে,তেওঁ নাতাশাৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিব বিচাৰে । কিন্তু তেওঁৰ পৰিয়ালে এই ক্ষেত্ৰত আপত্তি দৰ্শাই বিবাহ সম্পন্ন কৰাৰ বাবে পৰামৰ্শ দিছে । আনহাতে নতাশাৰ পৰিয়ালে দুয়োৰে সিদ্ধান্ত সন্মতি প্ৰদান কৰিছে । বৰ্তমান COVID-১৯ৰ সংকট দূৰ হোৱালৈ অপেক্ষা কৰিছে প্ৰেমিক যুগলে ।

লগতে পঢ়ক:COVID-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয় অভিনেত্ৰী শিল্পা শিৰোদকাৰ

ABOUT THE AUTHOR

...view details