অসম

assam

By

Published : Nov 11, 2020, 1:45 PM IST

ETV Bharat / sitara

আগন্তক ছবি 'কুলি নম্বৰ ১'ৰ প্ৰচাৰৰ বাবে সাজু বৰুণ-ছাৰা

বলীউড অভিনেতা বৰুণ ধৱনে আগন্তক ছবি 'কুলি নম্বৰ ১'ৰ প্ৰচাৰৰ বাবে ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে শ্বেয়াৰ কৰিলে অভিনেত্ৰী ছাৰা আলী খানৰ সৈতে এখন ফটো।

আগন্তক ছবি 'কুলি নম্বৰ ১'ৰ প্ৰচাৰৰ বাবে সাজু বৰুণ-ছাৰা
আগন্তক ছবি 'কুলি নম্বৰ ১'ৰ প্ৰচাৰৰ বাবে সাজু বৰুণ-ছাৰা

চিটাৰা ডেস্ক, ১১ নৱেম্বৰ: আগন্তক ছবি 'কুলি নম্বৰ ১'ৰ প্ৰচাৰৰ সাজু হৈছে অভিনেত্ৰী ছাৰা আলী খান আৰু অভিনেতা বৰুণ ধৱন। ইনষ্টাগ্ৰাম পোষ্টযোগে দুখন ফটো শ্বেয়াৰ কৰিছে বৰুণ ধৱনে। ফটোত নীলা আৰু হালধীয়া চেক থকা ছাৰ্ট, বগা ৰঙৰ টি-ছাৰ্ট আৰু ক'লা ৰঙৰ ডেনিম পেণ্ট পিন্ধা দেখা গৈছে বৰুণক। ৰঙা আৰু নীলা চেক থকা ড্ৰেছ পৰিহিত ছাৰাই প'জ দিয়া দেখা গৈছে বৰুণৰ সৈতে। মেলি থোৱা চুলিখিনি আৰু ট' হিলে অধিক সুন্দৰ কৰিছে 'লাভ আজ কল' ছবিৰ অভিনেত্ৰীগৰাকীক। ছবিখনৰ কেপচনত বৰুণে লিখিছে, 'চেকমেট'। এমাজ'ন প্ৰাইম ভিডিঅ'ত অহা ২৫ ডিচেম্বৰত মুক্তি দিয়াৰ বাবে 'কুলি নম্বৰ ১'ৰ প্ৰস্তুতি সম্পূৰ্ণ।

ABOUT THE AUTHOR

...view details