অসম

assam

By

Published : Dec 18, 2020, 2:02 PM IST

ETV Bharat / sitara

বৰুণ-নতাশাৰ অপ্ৰকাশ্য প্ৰেমৰ সম্পৰ্ক

বৰুণে শৈশৱৰ বান্ধৱী আৰু বৰ্তমানৰ প্ৰেমিকা নতাশা দালালৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্ব সম্পূৰ্ণ কৰে ৷ শেহতীয়াকৈ কৰিণা কাপুৰ খানৰ এক ৰেডিঅ’ শ্ব’যোগে এই কথা পোহৰলৈ আহে ৷

varun natasha
বৰুণ-নতাশাৰ প্ৰেমৰ সম্পৰ্ক

চিটাৰা ডেস্ক,18 ডিচেম্বৰ : এক দীঘলীয়া সময়ৰ পৰাই চৰ্চিত হৈ আছে বৰুণ ধৱন আৰু নতাশা দালালৰ প্ৰেমৰ সম্পৰ্ক ৷ বৰুণে শৈশৱৰ বান্ধৱী আৰু বৰ্তমানৰ প্ৰেমিকা নতাশা দালালৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্ব সম্পূৰ্ণ কৰাৰ কথা শেহতীয়াকৈ কৰিণা কাপুৰ খানৰ এক ৰেডিঅ’ শ্ব’যোগে পোহৰলৈ আহিছে ৷

বৰুণ ধৱনৰ প্ৰেমৰ সম্পৰ্ক, লিভ-ইন ৰিলেশ্বনচিপ আদি সকলো ব্যক্তিগত জীৱনৰ স্পষ্টতা কৰিণাৰ ৰেডিঅ’ শ্ব’যোগে প্ৰকাশ পাইছে ৷ কৰিণাই বৰুণ-নতাশাৰ সম্পৰ্কত এক ডাঙৰ ৰহস্য উদঘাটন কৰে, কিয়নো নতাশাক শ্ব’ত আমন্ত্ৰণ জনোৱাৰ সময়ত বৰুণ-নতাশাই এংগেজমেণ্ট কৰাৰ কথা তেওঁ উল্লেখ কৰে ৷

এই সন্দৰ্ভত বৰুণে কয় যে, তেওঁ এগৰাকীৰ সৈতে দীৰ্ঘ সময় ধৰি সম্পৰ্কত থকাৰ পাচত বিবাহৰ কথা চিন্তা কৰা যায় ৷ তেওঁ তেওঁৰ ককায়েক আৰু বৌয়েকক দেখাৰ পাচতহে বিবাহৰ কথা চিন্তা কৰে ৷

লগতে বৰুণে কয় যে, যদিও দুয়ো লিভ-ইন ৰিলেশ্বনচিপত আছে তথাপিও বৰুণৰ পিতৃ-মাতৃয়ে বিবাহ পাশত আৱদ্ধ হোৱাতো বিচাৰে ৷ নতাশাৰ আধুনিক পৰিয়ালে দুয়োৰে সিদ্ধান্তত সুখী যদিও বৰুণৰ পৰিয়ালৰ এই ক্ষেত্ৰত কিছু আক্ষেপ থকাৰ কথাও তেওঁ ব্যক্ত কৰে ৷

বৰুণ আৰু নতাশাই একাদশ-দ্বাদশ শ্ৰেণীলৈ বন্ধুত্বৰ সম্পৰ্ক বজাই ৰাখিছিল ৷ ইয়াৰ পাচতহে দুয়ো প্ৰেমৰ সম্পৰ্ক গঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ যদিও বৰুণৰ বহু মহিলা অনুৰাগী আছে, কিন্তু নতাশাৰ প্ৰতি থকা ভালপোৱাৰ প্ৰমাণ দিবলৈ তেওঁ কিছু কষ্ট কৰিবলগীয়া হৈছে ৷ বহু সময় ধৰি নতাশাই বৰুণৰ প্ৰেমৰ প্ৰস্তাৱক প্ৰত্যাখ্যন কৰিছিল ৷ অৱশ্যে তাৰ পাচতো বৰুণে নতাশাৰ মন জয় কৰিবলৈ হাৰ মনা নাছিল ৷

উল্লেখ্য যে, চলিত বৰ্ষতে থাইলেণ্ডত বৰুণ-নতাশাই বিবাহ পাশত আৱদ্ধ হোৱাৰ বাতৰিয়ে ইতিমধ্যে চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক :'Wonder Woman' ছবিত পৰিধান কৰা হেডগেয়াৰৰ ফটো শ্বেয়াৰ গাল গডোৰ

ABOUT THE AUTHOR

...view details