চিটাৰা ডেস্ক, ২৭ জানুৱাৰী: বলিউডৰ জনপ্ৰিয় অভিনেতা বৰুণ ধাৱানৰ দীৰ্ঘদিনীয়া প্ৰেমিকা ফেশ্ব্যন ডিজাইনাৰ নাতাশা দালালৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ তিনিদিন পাচত বৰুণে তেওঁৰ সকলো অনুৰাগী আৰু শুভাকাংশীসকলৰ শুভেচ্ছাবাণীৰ বাবে টুইটাৰযোগে অলেখ ধন্যবাদ জ্ঞাপন কৰে ।
'যোৱা কেইদিনে মই আৰু নাতাশাই আপোনালোকৰ পৰা অলেখ মৰম আৰু শুভেচ্ছা লাভ কৰিছো, সেয়েহে মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো' এইদৰে টুইটত লিখে অভিনেতাগৰাকীয়ে ।