অসম

assam

ETV Bharat / sitara

দুগৰাকী ভাৰতীয় ক্ৰিকেট তাৰকাৰ প্ৰেম কাহিনী

ভাৰতীয় ক্ৰিকেট দল আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ উইকেটকিপাৰ বেটছমেন দীনেশ কাৰ্তিক আৰু পত্নী ভাৰতীয় স্কোয়াছ কুইন দীপিকা পাল্লিকালৰ প্ৰেমৰ মধুৰ সম্পৰ্ক অতি অতুলনীয় ।

দীনেশ কাৰ্তিক আৰু দীপিকা পাল্লিকাল
দীনেশ কাৰ্তিক আৰু দীপিকা পাল্লিকাল

By

Published : Feb 7, 2021, 2:28 PM IST

চিটাৰা ডেস্ক, ৭ ফেব্ৰুৱাৰী: ৰাজনীতিৰ খবৰ আৰু সাম্প্ৰদায়িক কথা-বতৰাই মানুহক অতিষ্ঠ কৰি তুলিছে । তাৰ লগে লগে মানুহ যন্ত্ৰৰ দৰে ব্যস্ত হৈ পৰাত পৃথিৱীখনৰ মাদকতা পাহৰি পেলাইছে মানুহে । প্ৰকৃতিৰ নিৰ্জন ঠাইৰ কথা পাহৰি মানুহে এতিয়া কোলাহলকে আপোন কৰি ল'ব লগা হৈছে । কিন্তু তাৰপাচতো মানুহে বিশেষ দিনটোৰ কথা পাহৰি যোৱা নাই । যেনে- বিবাহৰ বৰ্ষপূৰ্তিৰ দিন, জন্মদিন, ভেলেণ্টাইন ডে আদিৰ দৰে দিনবোৰক মানুহে পাহৰি নাযায় । এনে বিশেষ দিনবোৰত আপোন মানুহৰ সৈতে পৰিয়ালৰ সৈতে আনন্দেৰে সময় অতিবাহিত কৰে । শেহতীয়াকৈ প্ৰেমিক-প্ৰেমিকাসকলে পালন কৰিবলৈ সাজু হৈছে ভেলেণ্টাইন ডে ।

দুগৰাকী ভাৰতীয় ক্ৰিকেট তাৰকাৰ প্ৰেম কাহিনী

ভাৰতীয় ক্ৰিকেট দল আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ উইকেটকিপাৰ বেটছমেন দীনেশ কাৰ্তিক আৰু পত্নী ভাৰতীয় স্কোয়াছ কুইন দীপিকা পাল্লিকালৰ প্ৰেমৰ মধুৰ সম্পৰ্ক অতি অতুলনীয় । এই দম্পতীটোৱে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰা নাছিল । ২০১৩ চনৰ নৱেম্বৰ মাহত আনুষ্ঠানিকভাৱে প্ৰেমৰ সম্পৰ্কৰ কথা সকলোৰে আগত প্ৰকাশ কৰিছিল । ২০০৮ চনত এক অনুষ্ঠানত সাক্ষাৎ হৈছিল এই দম্পতীটোৰ আৰু তাৰপিচৰে পৰা দুয়োৰে মাজত গভীৰ প্ৰেমৰ সম্পৰ্ক অতি অতুলনীয় আছিল ।

২০১৩ চনত দীপিকা পাল্লিকালৰ এক টুৰ্ণামেণ্টত সুদূৰ ইংলেণ্ডলৈ দীনেশ কাৰ্তিকে সাক্ষাৎ কৰিবলৈ যোৱাত দুয়োৰে মাজৰ সম্পৰ্কতো অধিক গাঢ় হৈ পৰে আৰু ২০১৫ চনত দুয়োগৰাকী তাৰকা খেলুৱৈ বিবাহপাশত আৱদ্ধ হয় । দীনেশ কাৰ্তিক আৰু দীপিকা পাল্লিকালৰ যুটি সৰ্বত্ৰে চৰ্চাত ।

লগতে পঢ়ক:সঞ্জয় লীলা ভাঞ্চালীৰ ‘গংগুবাই কাথিয়াবাড়ি’ত অজয় দেৱগন

ABOUT THE AUTHOR

...view details