এন্টাৰটেইনমেন্ট ডেস্ক, 23 আগষ্টঃ দেওবাৰে 32 বছৰ বয়সত ভৰি দিলে মোহময়ী অভিনেত্ৰী বাণী কাপুৰে ৷ কিন্তু পিতৃ-মাতৃ আৰু ভগ্নীৰ অবিহনে তেওঁৰ জন্মদিনটো অসম্পূৰ্ণ বুলি মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে ৷
তেওঁ কয় যে, "মোৰ মা-দেউতা আৰু ভগ্নীৰ অবিহনে এই বিশেষ দিনটো সদায় অসম্পূৰ্ণ ৷ তেওঁলোক মোৰ শক্তিৰ উৎস আৰু মোৰ জীৱনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ বস্তুৰ তেওঁলোক একোটা অংশ ৷ মই তেওঁলোকৰ অনুপস্থিতি বহুত অনুভৱ কৰিছো ৷ কিন্তু মই সুখী যে তেওঁলোক নিৰাপদে সু-স্বাস্থ্যৰে ঘৰতে আছে ৷ আশা কৰো আগন্তুক বছৰটোৱে কিছু সলনি আনিব ৷"
লগতে পঢ়কঃপাকিস্তানৰ পতাকাৰ আৰ্হিত নিৰ্মিত চিলাসহ এজনক আটক
অভিনেত্ৰীগৰাকীয়ে জন্মদিনৰ দিনা পৰিয়ালৰ সৈতে ভিডিঅ' কলিঙৰ জৰিয়তে কথা পাতে ৷ লগতে তেওঁ পিতৃ-মাতৃকলৈ বহু কৃতজ্ঞ বুলিও মন্তব্য কৰে ৷ আনহাতে, অভিনেত্ৰীগৰাকীয়ে বন্ধু-বান্ধৱীৰ সৈতে জুম কলত যোগাযোগ হ'ব বুলিও জনায় লগতে জুম কলৰ জৰিয়তে বন্ধুবৰ্গৰ সৈতে কেক কটা হ'ব বুলি অৱগত কৰে ৷