নিউজ ডেস্ক,৬ জুলাইঃ বলিউড অভিনেত্ৰী বাণী কাপুৰে মহামৰী কৰ'ণা সংকটৰ সময়তে জীৱনৰ সকলতকৈ ডাঙৰ দুটা দিশৰ ওপৰত শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা পালে বুলি মন্তব্য কৰে আইএএনএছৰ আগত । অভিনেত্ৰী গৰাকীয়ে প্ৰকাশ কৰে,মই আশা কৰিছো যে এই মহামাৰীৰ পৰা সকলোৱে নতুনকৈ শিক্ষা গ্ৰহণ কৰা দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভৱিষ্যতে লোকসকলে বিভিন্ন পৰিস্থিতিৰ সৈতে যুঁজিবলৈ প্ৰস্ততি চলোৱা তথা গুৰুত্ব প্ৰদান কৰিব তথা অনুধাৱন কৰিব । তাৰোপৰি মই এটা নতুন পদ্ধতিৰ পৰা অনুমান কৰিছো যে আমি সকলোৱে নিজৰ জীৱনত প্ৰশংসাৰ নতুন উপলব্ধি অনুভৱ কৰিবলৈ শিকিছো বুলিও মত প্ৰকাশ কৰে বাণী কাপুৰে ।
মহামাৰীৰ সংকটৰ সময়তে জীৱনৰ দুটা গুৰুত্বপূৰ্ণ দিশত শিক্ষা লাভ বাণী কাপুৰৰ - মহামৰী কৰ'ণা ভাইৰাছ
মহামাৰী কৰ'ণা সংকটৰ সময়ছোৱাৰ পৰাই বলিউড অভিনেত্ৰী বাণী কাপুৰে জীৱনৰ দুটা মহত্বপূৰ্ণ দিশৰ ওপৰত শিক্ষা গ্ৰহণ কৰিবলৈ সুযোগ পোৱা বুলি মত প্ৰকাশ কৰে । সকলো সময়তে তথা সকলো পৰিৱেশৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুতি হৈ থকাৰ লগতে মহামাৰীৰ জৰিয়তে প্ৰশংসাবোধ সন্দৰ্ভটো শিক্ষা লাভ কৰে বুলি সদৰি কৰে ।

বাণী কাপুৰ
উল্লেখ্য যে,লক লডাউন সম্পূৰ্ণৰূপে উঠাই দিয়া পাচতে অভিনেত্ৰী গৰাকীয়ে তেখেতৰ নতুনকৈ আৰম্ভ হোৱা ছবিৰ দৃশ্য গ্ৰহণত ব্যস্ত হৈ পৰিব বুলি সদৰি কৰে । আগন্তুক দিনত অভিনেত্ৰী বাণী কাপুৰক অক্ষয় কুমাৰৰ সৈতে "বেল বাটম"ত প্ৰত্যক্ষ কৰিবলৈ পোৱা যাব বুলিও সদৰি কৰে।
লগতে চাওকঃ সন্ত্ৰাসবাদী পুত্ৰক পিতৃ-মাতৃয়ে কৰা আত্মসমৰ্পনৰ আহ্বানৰ ভিডিঅ' ভাইৰেল