অসম

assam

By

Published : Oct 10, 2020, 9:16 PM IST

ETV Bharat / sitara

আয়ুষ্মানৰ সৈতে কাম কৰাৰ ইচ্ছা প্ৰকাশ বাণী কাপুৰৰ

শনিবাৰে চণ্ডীগড়ত উপস্থিত হৈছে অভিনেত্ৰী বাণী কাপুৰ ৷ ছবি নিৰ্দেশক অভিষেক কাপুৰৰ এখন ৰোমাণ্টিক ছবিৰ শ্বুটিঙৰ বাবে চণ্ডীগড়লৈ গৈছে বাণী ৷ ছবিখনত বাণীৰ বিপৰীতে মাল্টি টেলেণ্টেড আয়ুষ্মান খুৰাণাক দেখিবলৈ পোৱা যাব ৷

Vaani heads to Chandigarh, 'thrilled' to be working with Ayushmann
আয়ুষ্মানৰ সৈতে কাম কৰাক লৈ ইচ্ছুক প্ৰকাশ বাণী কাপুৰৰ

চিটাৰা ডেস্ক,10 অক্টোবৰ: ছবি নিৰ্দেশক অভিষেক কাপুৰৰ ছবিৰ শ্বুটিঙৰ বাবে শনিবাৰে চণ্ডীগড়ত উপস্থিত হৈছে অভিনেত্ৰী বাণী কাপুৰ ৷ ছবিখনত বাণীৰ বিপৰীতে দেখা পাব মাল্টি টেলেণ্টেড আয়ুষ্মান খুৰাণাক ৷

ছবিখন সন্দৰ্ভত বাণীয়ে কয় যে,‘‘এইখন এখন মনোৰোম ছবি ৷ সদায় অভিষেক কাপুৰৰ সৈতে কাম কৰাৰ ইচ্ছা আছিল ৷ তেওঁৰ ছবিসমূহৰ পৰা অনুপ্ৰেৰণা পাই তেওঁৰ ছবিত ভাগ ল’বলৈ ইচ্ছুক হৈ আছিলো’’ ৷

ইয়াৰোপৰি অভিনেতা আয়ুষ্মানক লৈ তেওঁ মন্তব্য কৰে যে,‘‘প্ৰতিভাশালী অভিনেতাসকলৰ ভিতৰত আয়ুষ্মানো অন্যতম আৰু মই এই ধুনীয়া প্ৰেম কাহিনীৰ ছবিখন প্ৰথমবাৰৰ বাবে আয়ুষ্মানৰ সৈতে শ্বেয়াৰ কৰিবলৈ উৎসুক হৈ আছো’’ ৷

বৰ্তমানো নাম উল্লেখ নকৰা এই ছবিখন 2021 চনত ছবিগৃহত মুক্তি লাভ কৰিব ৷

লগতে পঢ়ক:অ’টিটি প্লেটফ’ৰ্মৰ পাচত ছবিগৃহলৈ আহি আছে ‘পিএম নৰেন্দ্ৰ মোদী’

ABOUT THE AUTHOR

...view details