অসম

assam

ETV Bharat / sitara

বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰাওটেলাৰ ফেচবুক একাউণ্ট হেক - বলীউডৰ অভিনেত্ৰী

টুইটাৰযোগে বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰাওটেলাই তেওঁৰ ফেচবুক একাউণ্ট বেক হোৱাৰ বিষয়ে তেওঁৰ অনুৰাগীসকলক অৱগত কৰি,তেওঁৰ একাউণ্টৰ পৰা দিয়া পোষ্টসমূহত কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰিবলৈ সকিয়াই দিয়ে ।

Urvashi Rautela's Facebook account hacked
Urvashi Rautela's Facebook account hacked

By

Published : Apr 25, 2020, 5:37 PM IST

নেশ্যনেল ডেস্ক, ২৫ এপ্ৰিলঃ ফেচবুক একাউণ্ট হেক হয় বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰাওটেলাৰ । টুইটাৰযোগে এই কথা প্ৰকাশ কৰে অভিনেত্ৰী গৰাকীয়ে । লগতে তেওঁ নিজৰ অনুৰাগী সকলক তেওঁৰ একাউণ্টৰ পৰা দিয়া পোষ্টসমূহত কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰিবলৈ সকিয়াই দিয়ে ।

যেতিয়াই তেওঁৰ একাউণ্টৰ পৰা কেইবাটাও অশ্লীল পোষ্ট কৰা হৈছিল,তেতিয়াই অভিনেত্ৰী গৰাকীয়ে এই বিষয়ে অৱগত হয় । মুম্বাই আৰক্ষীৰ চাইবাৰ শাখাত এই বিষয়ত এক গোচৰ ৰুজু কৰা হৈছে আৰু গোচৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি অভিনেত্ৰী গৰাকীক জানিবলৈ দিয়ে ।

লগতে পঢ়কঃবলীউডত নতুন তাৰকাৰ চিকমিকনি

ABOUT THE AUTHOR

...view details