ছিটাৰা, 18 ছেপ্তেম্বৰ :অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰে শুকুৰবাৰে ভাৰতৰ জনগণক ধন্যবাদ জনায় ৷ কংগনা ৰাণাৱটৰ "soft porn star" কমেন্টৰ পাচতে দেশবাসীয়ে উৰ্মিলাক সমৰ্থন আগবঢ়োৱা বাবে সকলোকে ধন্যবাদ জনাই তেওঁ ৷
টুইটাৰৰ জৰিয়তে উৰ্মিলাই কয়, "দেশৰ প্ৰকৃত জনগন আৰু নিৰপেক্ষ তথা গৰিমাপূৰ্ণ সংবাদ মাধ্যমক মই ধন্যবাদ জনাইছো ৷ মিছা IT ট্ৰল আৰু প্ৰচাৰমুখীতাৰ বিৰুদ্ধে এয়া জয় ৷ সকলোৰে সমৰ্থনে মোক চুই গৈছে... humbled #JaiHind ৷"
উল্লেখ্য যে, উৰ্মিলা মাতোণ্ডকাৰ সম্পৰ্কত মন্তব্যৰ পাচতে বলীউদ জগতৰ পৰা সমালোচনাৰ সন্মুখীন হৈছিল কংগনা ৰাণাৱট ৷ কংগনাক ৰাম গোপাল বৰ্মা, অনুভৱ সিনহা, স্বৰা ভাস্কৰৰ লগতে বহু তাৰকাই সমালোচনা আগবঢ়াইছিল ৷ প্ৰায় 25 বছৰযোৰা উৰ্মিলাৰ বলীউদ কেৰিয়াৰক সকলোৱে প্ৰশংসাও আগবঢ়াইছিল ৷