চিটাৰা ডেস্ক,10 জানুৱাৰী : চুপাৰষ্টাৰ হৃত্বিক ৰোশনৰ জন্মদিনৰ শুভক্ষণত হৃত্বিকক ‘গুৰুজী’ সম্বোধন কৰি শুভেচ্ছা জনাইছে অভিনেতা টাইগাৰ শ্ৰোফে ৷
হৃত্বিকৰ সৈতে অভিনীত ছবি ‘ৱাৰ’ৰ পৰা এটি ভিডিঅ’ শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনায় টাইগাৰে ৷ টুইটাৰযোগে ফটোখন শ্বেয়াৰ কৰি তেওঁৰ গুৰুজী হৃত্বিকলৈ সুস্বাস্থ্য আৰু সুখ কামনা কৰে এক্সন হিৰো টাইগাৰে ৷