অসম

assam

ETV Bharat / sitara

টাইগাৰ শ্ৰফৰ চিংগল ট্ৰেক 'কেছেনভা'ৰ প্ৰথমটো লুক শ্বেয়াৰ

বলীউড অভিনেতা টাইগাৰ শ্ৰফে বুধবাৰে তেওঁৰ আহিবলগীয়া চিংগল ট্ৰেক 'কেছেনভা'ৰ প্ৰথমটো লুক শ্বেয়াৰ কৰে । ইনষ্টাগ্ৰামত শ্ৰফে 'কেছেনভা'ৰ ১৫ ছেকেণ্ডৰ টিজাৰো শ্বেয়াৰ কৰে ।

By

Published : Jan 6, 2021, 5:19 PM IST

টাইগাৰ শ্ৰফ
টাইগাৰ শ্ৰফ

চিটাৰা ডেস্ক, ৬ জানুৱাৰী: বলীউড অভিনেতা টাইগাৰ শ্ৰফে বুধবাৰে তেওঁৰ আহিবলগীয়া চিংগল ট্ৰেক 'কেছেনভা'ৰ প্ৰথমটো লুক শ্বেয়াৰ কৰে । ইনষ্টাগ্ৰামত শ্ৰফে 'কেছেনভা'ৰ ১৫ ছেকেণ্ডৰ টিজাৰো শ্বেয়াৰ কৰি অনুৰাগীসকলক ইয়াৰ বাবে ধন্য়বাদ জনায় লগতে এই ট্ৰেকটো সমূহ দৰ্শকে আদৰি ল'ব বুলিও আশা প্ৰকাশ কৰে ।

৩০ বছৰীয়া অভিনেতাগৰাকীয়ে তেওঁৰ চিংগল ট্ৰেক 'কেছেনভা'ত অভিনয় কৰাৰ উপৰিও কন্ঠদানো কৰিছে । যোৱা বছৰৰ পৰা টাইগাৰ শ্ৰফে কন্ঠদানৰ আৰম্ভণি কৰিছে । উল্লেখ্য যে, যোৱা বছৰো টাইগাৰ শ্ৰফে চিংগল ট্ৰেক মুকলি কৰিছিল য'ত ডেনিয়েল গ্লেভিন, কেবিন পৱন আৰু অবিতেশ শ্ৰীবাস্তৱে সংগীত সম্পাদনা কৰিছিল ।

টাইগাৰ শ্ৰফে ছবি নিৰ্মাতা বিকাশ বাহালৰ পৰৱৰ্তী ছবি গণপথত অভিনয় কৰিব । চলিত বৰ্ষতে অভিনেতাজনে ছবিখনৰ কাম আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে । এই ছবিখনত তেওঁক এজন খেলুৱৈৰ ৰূপত দেখা পোৱা যাব ।

লগতে পঢ়ক: এ.আৰ. ৰহমানলৈ জন্মদিনৰ অলেখ শুভকামনা...

ABOUT THE AUTHOR

...view details