অসম

assam

ETV Bharat / sitara

বিশেষভাৱে সক্ষম শিশুৰ সৈতে সুশান্তৰ কিছু মধুৰ মুহূৰ্ত - throwback-video-of-sushant

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ২টা ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ভিডিঅ'ত কেইটিমান বিশেষভাৱে সক্ষম শিশুৰ সৈতে দেখা গৈছে সুশান্তক। বিদ্যালয়ৰ অনুষ্ঠান পৰিৱেশন কৰি থকা শিশুকেইটাক আবেগিক হৈ চুম্বন আৰু আলিংগন কৰিছে প্ৰয়াত অভিনেতাজনে।

বিশেষভাৱে সক্ষম শিশুৰ সৈতে সুশান্তৰ কিছু মধুৰ মুহূৰ্ত
বিশেষভাৱে সক্ষম শিশুৰ সৈতে সুশান্তৰ কিছু মধুৰ মুহূৰ্ত

By

Published : Sep 1, 2020, 4:25 PM IST

চিটাৰা ডেস্ক,১ছেপ্টেম্বৰ: ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ২টা ভিডিঅ'ই পুনৰ অনুৰাগীক আবেগিক কৰি তুলিছে। সোমবাৰে ৰাঁচীৰ এখন বিদ্যালয়ৰ ভিডিঅ' সুশান্তৰ এগৰাকী অনুৰাগীয়ে টুইটযোগে প্ৰকাশ কৰিছিল । সুশান্তে ৰাঁচীত 'দিল বেছাৰা' ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত বিদ্যালয়খনলৈ গৈছিল ।

এটা ভিডিঅ'ত দেখা গৈছে যে, বিশেষভাৱে সক্ষম কেইটিমান শিশুৱে সুশান্তৰ সন্মুখত গীত গাইছে আৰু বাদ্যযন্ত্ৰ বজাইছে । অনুষ্ঠানৰ শেষত সুশান্তে মঞ্চলৈ গৈ আনন্দত শিশুকেইটাক চুমাৰে উপচাই পেলোৱাৰ লগতে গীত পৰিৱেশন কৰা এটি শিশুক আলিংগন কৰে ।

দ্বিতীয়টো ভিডিঅ'ত বিশেষভাৱে সক্ষম শিশুকেইটিক মানৱদৰদী সুশান্তে ৰঙা গোলাপ দিয়া দেখা গৈছে । বিদ্যালয়খনৰ শিক্ষকসকলো তেওঁ ধন্যবাদ জ্ঞাপন কৰে । লগতে শিশুসকলৰ পৰাও হাত জোঁকাৰি বিদায় লয় । ভিডিঅ' ভাইৰেল কৰা ব্যক্তিগৰাকীয়ে টুইটটোত উল্লেখ কৰিছে যে, 'দিল বেছাৰা' ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত সুশান্তে দৃশ্যগ্ৰহণস্থলীৰ সমীপত অন্ধ বিদ্যালয়খন থকাৰ কথা গম পোৱাৰ পিছত শিশুসকলক লগ কৰাৰ ইচ্ছা ব্যক্ত কৰে । প্ৰয়াত অভিনেতাজনে বিশেষভাৱে সক্ষম শিশুসকলৰ সৈতে মত-বিনিময় কৰে । এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে অনুৰাগীয়ে ভিডিঅ' ২টা শ্বেয়াৰ কৰি প্ৰিয় অভিনেতাজনক স্মৰণ কৰে।

ABOUT THE AUTHOR

...view details