চিটাৰা ডেস্ক, ৯ জুলাই: দৰ্শকক ৰজাদিনীয়া শাসন তথা ৰাজ পৰিয়ালৰ কাহিনীৰ আমেজ দিবলৈ সাজু ছবি নিৰ্মাতা তথা প্ৰযোজক নিখিল আদৱানী । শীঘ্ৰেই Disney+ Hot starত মুক্তি পাব "দ্য এম্পায়াৰ"ৰ । শুকুৰবাৰে ছিৰিজটোৰ টিজাৰ মুকলি কৰা হয় । "দ্য এম্পায়াৰ" পৰিচালনা কৰিছে মিতাক্ষৰা কুমাৰে ।
"দ্য এম্পায়াৰ"ত এজন যোদ্ধা, দুঃসাহসী ৰজাৰ জীৱন কাহিনী নাটকীয় ৰূপত দাঙি ধৰা হ'ব । ডিজিটেল প্লেটফৰ্মত পূৰ্বে নেদেখা এখন সুন্দৰ ছিৰিজ মুকলি কৰিব বুলি টিজাৰৰ জৰিয়তে দাবী কৰিছে "দ্য এম্পায়াৰ"ৰ নিৰ্মাতাই । কাল হো না হো(Kal Ho Na Ho), ডি-ডে(D-Day) আৰু বাটলা হাউছ(Batla House)ৰ দৰে ছবিৰ বাবে জনাজাত আদৱানীয়ে ইয়াৰ পূৰ্বে "নৱেম্বৰ ষ্টৰী" আৰু "গ্ৰহণ" ছিৰিজো প্ৰযোজনা কৰিছিল । ছবি নিৰ্মাতাগৰাকীয়ে প্ৰজেক্টটোত শ্ব' ৰাণাৰ হিচাপে কাম কৰিব ।
তেওঁৰ ভগ্নী মণিষা আদৱানীয়ে মধু ভোজৱানীৰ সৈতে এমী এণ্টাৰটেইনমেণ্টৰ বেনাৰত ছিৰিজটো প্ৰযোজনা কৰিব । ছবি নিৰ্মাতা আদৱানীয়ে এক বিবৃতিযোগে প্ৰকাশ কৰিছে যে, "দ্য এম্পায়াৰ"ৰ নিৰ্মাণ কৰাতো এক বৃহৎ প্ৰত্যাহ্বান আছিল । নিৰ্মাতাগৰাকীয়ে লগতে উল্লেখ কৰিছে যে, এক শক্তিশালী কাহিনীক নাটকীয় ৰূপত আকৰ্ষণীয়ভাৱে বৰ্ণনা কৰাটো তেওঁৰ মুখ্য লক্ষ্য আছিল ।