চিটাৰা ডেস্ক, ২৪ ডিচেম্বৰ: বৃহস্পতিবাৰে চণ্ডীগড়ত পত্নী ছুনীতা কাপুৰৰ সৈতে ৬৪ সংখ্যক জন্মদিন উদযাপন কৰিলে অনিল কাপুৰে । লগতে আগন্তুক ছবি যুগ যুগ জিঅ'ৰ সহ শিল্পীসকলৰ সৈতেও জন্মদিন উদযাপন কৰে । ৰাজ মেহতাই নিৰ্দেশনা কৰা ছবিখনত অভিনয় কৰা অভিনেতা বৰুণ ধৱন আৰু কিয়াৰা আদৱানীয়ে অনিল কাপুৰৰ জন্মদিন উদযাপন কৰি থকাৰ ভিডিঅ' ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰে ।
ভিডিঅ'টোত অভিনেতাগৰাকীয়ে কেক কাটি থকা দেখা গৈছে আৰু লগতে তেওঁৰ পত্নী ছুনীতা কাপুৰ, বৰুণ ধৱন, কিয়াৰা, ইউ টিউবাৰ প্ৰজাক্টা ক'লি আৰু ৰাজ মেহতাক তেওঁৰ কাষত থকা দেখা গৈছে । যুগ যুগ জিঅ'ৰ নিৰ্দেশক ৰাজ মেহতাই ইনষ্টাগ্ৰাম পোষ্টযোগে অনিল কাপুৰে জন্মদিনৰ কেকৰ সৈতে অকলে থকা এখন ফটো শ্বেয়াৰ কৰিছে । ধেমালীয়া সুৰত মেহতাই পোষ্টটোত অনিল কাপুৰক ৬৪ সংখ্যকৰ পৰিৱৰ্তে ২৫ সংখ্যক জন্মদিনৰ শুভকামনা জনায় ।