চিটাৰা ডেস্ক,31 জানুৱাৰীঃ শুকুৰবাৰে মুক্তি পালে সামাজিক বাৰ্তাধৰ্মী ছবি থাপ্পৰৰ ট্ৰেইলাৰ ৷ ঘৰুৱা হিংসাৰ ওপৰত নিৰ্মিত ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে তাপসী পান্নুয়ে ৷ ছবিখনৰ ট্ৰেইলাৰটো মুক্তি পোৱাৰ পিছতে স্পষ্ট হৈ পৰিছে ছবিখনত তাপসী পান্নুৰ চৰিত্ৰ ৷ অভিনেত্ৰীগৰাকীয়ে ছবিখনত অমৃতা নামৰ এগৰাকী গৃহিণীৰ চৰিত্ৰত অভিনয় কৰিছে ৷
শেহতীয়াকৈ মুক্তি পোৱা ট্ৰেইলাৰটোৰ যোগেদি ফুটি উঠিছে ছবিখনৰ কাহিনী ৷ এটা থাপৰক কেন্দ্ৰ কৰিয়েই যেন সমগ্ৰ কাহিনীটো বৰ্ণিত হৈছে ৷ ট্ৰেইলাৰটোৰ যোগেদি প্ৰকাশ পোৱা অনুসৰি ,শাৰীৰিক শোষণৰ প্ৰতি অসহিষ্ণুতা প্ৰদৰ্শন কৰিছে ছবিখনৰ মূল চৰিত্ৰটোৱে ৷ স্বামী-স্ত্ৰীৰ মাজত যথেষ্ট ৰোমান্টিক সম্বন্ধ থকাৰ পিছতো শাৰীৰিক অত্যাচাৰক প্ৰশ্ৰয় দিব বিচৰা নাই গৃহিণীৰ চৰিত্ৰত অভিনয় কৰা তাপসী পান্নুৱে ৷