চিটাৰা ডেস্ক, 16 ছেপ্তেম্বৰ: ‘হাইদৰ’(Haider) ছবিৰ পাচত ছবি নিৰ্মাতা বিশাল ভৰদ্বাজৰ আগন্তুক ছবি ‘খুফিয়া’(Khufiya)ত কাম কৰিবলৈ সাজু হৈছে অভিনেত্ৰী টাবু(Tabu) ৷ শীঘ্ৰেই এই ছবিখন নেটফ্লিক্সত(Netflix) মুক্তি লাভ কৰিব ৷ অমৰ ভূষণৰ ‘Escape to Nowhere’ উপন্যাসখনৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷
এই স্পাই থ্ৰীলাৰ(Spy Thriller) ছবিখনত টাবুৰ উপৰিও অভিনয়ত আছে আলী ফজল, ৱামিকা গব্বী আৰু আশীষ বিদ্যাৰ্থী ৷ ছবিখনৰ নিৰ্মাতা বিশাল ভৰদ্বাজৰ সৈতে পুনৰ কাম কৰিবলৈ পাই আনন্দিত অভিনেত্ৰী টাবু ৷ এয়া এক অন্য অভিজ্ঞতা ৷ ইনষ্টাগ্ৰামযোগে আনন্দ প্ৰকাশ কৰিছে টাবুৱে ৷