অসম

assam

ETV Bharat / sitara

তাপসী পান্নুৰ লুপ লপেটা হ'ব নেকি COVID-19বীমা কৰা প্ৰথমখন ছবি ? - COVID-19বীমা কৰা প্ৰথমখন ছবি

বলীউডবাসী জাগ্ৰত হৈছে COVID-19বীমাৰ বাবে ৷ তাপসী পান্নুৰ আগন্তুক ছবি লুপ লপেটা ছবিখন COVID-19বীমা কৰা হ'ব বুলি আশা প্ৰকাশ হৈছে ৷ এই ছবিখন টম টাইৱৰৰ 1998 চনত নিৰ্মিত জাৰ্মান হিট ছবিৰ ভাৰতীয় ৰূপান্তৰকৰণ ৷

Taapsee pannus loop lapeta first film to be covered for Covid 19 insurance
তাপসী পান্নু

By

Published : Jul 9, 2020, 8:14 PM IST

চিটাৰা ডেস্ক,9 জুলাইঃতাপসী পান্নুৰ আহিবলগীয়া ছবি লুপ লপেটা COVID-19 বীমা হোৱাৰ পথত ৷ ছবিখনৰ নিৰ্মাতা অতুল কচবেকৰ আৰু তনুজ গাৰ্গে নিজৰ এই প্ৰজেক্টৰ বাবে COVID-19 বীমা কৰাৰ ক্ষেত্ৰত আলোচনা কৰিছে আইনী বিশেষজ্ঞ আনন্দ দেশাইৰ সৈতে ৷ ইয়াৰ দ্বাৰা আশা কৰা হৈছে তাপসী পান্নুৰ লুপ লপেটাখনেই COVID-19বীমা আঁচনিৰ প্ৰথমখন ছবি হিচাপে অভিহিত হ'ব ৷

তাপসী পান্নু

এই ছবিখন টম টাইৱৰৰ 1998 চনত নিৰ্মিত জাৰ্মান হিট ছবিৰ ভাৰতীয় ৰূপান্তৰকৰণ ৷

এই ছবিখন এপ্ৰিল আৰু মে' মাহত মুম্বাই আৰু গোৱাত শ্বুটিং হোৱাৰ কথা আছিল ৷ ছবিখনৰ 70 শতাংশ শ্বুটিং ভাৰতৰ বাহিৰত হোৱাৰ কথা আছিল কিন্তু লক্ ডাউনৰ বাবে বাদ পৰিল সকলোখিনি ৷ ফলত নতুনকৈ তাৰিখ নিৰ্ণয় হ'ব ছবিখনৰ শ্বুটিঙৰ বাবে ৷

লগতে পঢ়কঃপ্ৰিয়জনৰ মাজত কি গুণ বিচাৰে ৰাকুল প্ৰীত সিঙে ?

ABOUT THE AUTHOR

...view details