অসম

assam

তাপসী পান্নু প্ৰযোজিত 'Blurr'ৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ

অনুষ্কা শৰ্মা, দীপিকা পাডুকন আৰু আলিয়া ভাট আৰু কংগনা ৰাণাৱটৰ পিছত ছবি প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিব অভিনেত্ৰী তাপসী পান্নুৱে । আউটচাইডাৰ্ছ ফিল্মছৰ বেনাৰত তেওঁ প্ৰযোজনা কৰা প্ৰথম ছবি নিৰ্মাণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে তাপসীয়ে । ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব তাপসীয়ে । ২০২২ চনত মুক্তি লাভ কৰিব 'ব্লাৰ' শীৰ্ষক ছবিখনে ।

By

Published : Jul 16, 2021, 2:24 PM IST

Published : Jul 16, 2021, 2:24 PM IST

Taapsee Pannu unveils first look of maiden production venture Blurr
তাপসী পান্নু প্ৰযোজিত 'Blurr'ৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ

চিটাৰা ডেস্ক, ১৬ জুলাই: প্ৰযোজক হোৱাৰ দিশত খোজ পেলাইছে বলীউড অভিনেত্ৰী তাপসী পান্নুৱে (Tapsee Pannu)। তেওঁৰ প্ৰডাকছন হাউছ আউটচাইডাৰ্ছ ফিল্মছৰ অধীনত নিৰ্মাণ হ'ব এখন এখন থ্ৰিলাৰ ছবি । বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে তাপসী পান্নুৱে । তাপসীৰ প্ৰথম প্ৰযোজনা 'ব্লাৰ' ('Blurr) শীৰ্ষক ছবিখন পৰিচালনা কৰিব 'বি এ পাছ', 'ছেক্সন ৩৭৫' আদি ছবিৰ বাবে জনাজাত অজয় বেহেলে ।

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব তাপসীয়ে । ছবিখন ২০২২ চনত মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে ছবি নিৰ্মাতাই । বৃহস্পতিবাৰে টুইটযোগে আউটচাইডাৰ্ছ ফিল্মছৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া ছবিখনৰ বিষয়ে ঘোষণা কৰি তাপসী পান্নুৱে কয় যে, জি ষ্টুডিঅ' আৰু এচেলন প্ৰডাকচনৰ সৈতে এই প্ৰকল্পৰ প্ৰতি তেওঁ সমৰ্থন আগবঢ়াইছে । 'ব্লাৰ' কাহিনী লিখিছে অজয় বেহেল আৰু পৱন ছ'নীয়ে ।

লগতে ছবিখনৰ সহ-প্ৰযোজক হৈছে পৰম গিল আৰু কবীৰ লাল । পিংক, মুল্ক, মনমাৰ্জিয়া আৰু থপ্পৰৰ দৰে হিন্দী ছবিত কৰা অভিনয়ৰ বাবে সমালোচক তথা অনুৰাগীৰ প্ৰশংসাৰ পাত্ৰী হোৱা পান্নুৱে প্ৰযোজক প্ৰাঞ্জল খান্ধদিয়াৰ সৈতে একেলগে আউটচাইডাৰ্ছ ফিল্মছ আৰম্ভ কৰিছে ।

৩৩ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে, "মই নিশ্চিত যে প্ৰযোজনা মই কৰিব পৰা কাম নহয় । মোৰ বাবে প্ৰযোজনা এনেকুৱা এখন ক্ষেত্ৰ আছিল, যাৰ পৰা মই আঁতৰি থাকিব পাৰিম বুলি ভাৱিছিলো । এগৰাকী অভিনেত্ৰী হিচাপে মই অভিনয় কৰি ভাল পাওঁ আৰু এই দিশত বৰ্তমান মই এক নিৰ্দিষ্ট গতি লাভ কৰিছো । সেয়ে অভিনয় বাদ দি আন কিবা এটা কামত মনোযোগ দিয়াৰ কথা ভৱা নাই" ।

কিন্তু এগৰাকী সংগী থাকিলে তেওঁ নিজৰ কামত মনোনিৱেশ কৰিও প্ৰযোজনাৰ কাম কৰি যাব পাৰিব বুলি মন্তব্য কৰে তাপসীয়ে । সেয়ে, প্ৰাঞ্জল খান্ধদিয়াৰ সৈতে প্ৰযোজনাৰ ক্ষেত্ৰখনত খোজ পেলাইছে অভিনেত্ৰীগৰাকীয়ে । খান্ধদিয়াই 'ছুপাৰ ৩০', 'পিকু' আৰু তাপসীৰ আগন্তুক ছবি 'ৰশ্মি ৰকেট' ছবিত প্ৰযোজক হিচাপে কাম কৰিছে । তাপসীয়ে লগতে কয় যে, প্ৰযোজক হিচাপে আগবাঢ়ি যাবলৈ তেওঁ উৎসাহিত হৈ আছে ।

সেয়ে, প্ৰাঞ্জল খান্ধদিয়াই প্ৰযোজনাৰ অংশীদাৰিত্বৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ তেওঁ একেমুখে সমৰ্থন কৰিছিল বুলি তেওঁ জানিবলৈ দিয়ে । তেওঁ লগতে জানিবলৈ দিয়ে যে, তেওঁলোকে সেইসমূহ ছবিহে প্ৰযোজনা কৰিব, যিবোৰত তাপসীয়ে অভিনয় কৰিব । এই কথা স্পষ্ট যে, তাপসীয়ে প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিলেও অভিনয় তেওঁৰ মূল উদ্দেশ্য হ'ব । প্ৰডাকছন হাউচটোৰ নাম আউটচাইডাৰ্ছ ফিল্মছ ৰখা সন্দৰ্ভত তেওঁ কয় যে, এয়া এক উপযুক্ত নাম ।

আগন্তুক দিনবোৰত আন কেইবাখনো ছবিতো দেখা পোৱা যাব অভিনেত্ৰীগৰাকীক । লুপ লাপেটা( Looop Lapeta), ডোবাৰা(Dobaaraa), চাব্বাছ মিথু(Shabaash Mithu) আৰু মিছান ইম্পছিবল(Mishan Impossible) নামৰ এখন তেলেগু ছবিত অভিনয় কৰিছে তাপসীয়ে । শেহতীয়াকৈ 'হছিন ডিলৰুবা'ত অভিনয় কৰিছে তাপসী পান্নুৱে ।

লগতে পঢ়ক:বালিকা বধুৰ ‘দাদীছা’ (Dadi Sa) আৰু নাই

ABOUT THE AUTHOR

...view details