অসম

assam

15জুনত মুক্তি পাব ‘হাছিনা দিলৰুৱা’ৰ প্ৰথমটো গীত

তাপসী পান্নু অভিনীত 'হাছিন দিলৰুৱা'ৰ প্ৰথম গীতটো 'দিল মেল্ট কৰদা' ১৫ জুনত মুক্তি পাব ৷ এই গীতটোত কণ্ঠদান কৰিছে গায়ক নৱৰাজ হংস আৰু নিকিতা গান্ধীয়ে ৷ এই চলচিত্ৰ খনক লৈ বহু আশাবাদী নিৰ্মাতা আনন্দ এল ৰায় ৷

By

Published : Jun 13, 2021, 2:01 PM IST

Published : Jun 13, 2021, 2:01 PM IST

15জুনত মুক্তি পাব ‘হাছিনা দিলৰুৱা’ৰ প্ৰথমটো গীত
15জুনত মুক্তি পাব ‘হাছিনা দিলৰুৱা’ৰ প্ৰথমটো গীত

চিটাৰা ডেস্ক, 13 জুন : মুকলি কৰা হ’ল তাপসী পান্নু অভিনীত ‘হাছিনা দিলৰুৱা’ ৰ ট্ৰেইলাৰ ৷ যাৰ লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চলচিত্ৰ নিৰ্মাতা আনন্দ এল ৰায়ে ৷

‘হাছিনা দিলৰুৱা’ চলচিত্ৰ সন্দৰ্ভত তেওঁ কয় যে, এই চলচিত্ৰখনৰ প্ৰথম গান 'দিল মেল্ট কৰদা' ১৫ জুনত মুক্তি পাব ।

15জুনত মুক্তি পাব ‘হাছিনা দিলৰুৱা’ৰ প্ৰথমটো গীত

তেওঁ কয় যে, 'দিল মেল্ট কৰদা' শীৰ্ষক গীতটো গায়ক নৱৰাজ হংস আৰু নিকিতা গান্ধীয়ে কণ্ঠদান কৰিছে ৷ অৱশ্যে এই গীতটোৰ ট্ৰেইলাৰ নেটফ্লিক্সত পূৰ্ৱতে মুকলি কৰা হৈছে ৷

এই চলচিত্ৰখন দৰ্শকৰ বাবে প্ৰেম, হাস্যৰস আৰু ৰোমাঞ্চকৰ হ’ব বুলি আশা কৰিব পাৰি ৷ এই চলচিত্ৰখন 2 জুলাইত নেটফ্লিক্সত প্ৰিমিয়াৰ হ'ব ৷

লগতে পঢ়ক:মহামাৰীৰ মাজত সহায় আগবঢ়োৱাৰ বাবে G7 দেশসমূহক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details