চিটাৰা ডেস্ক,18 ডিচেম্বৰ : ছবিগৃহত মুক্তিলাভ কৰিবলগীয়া খেলধৰ্মী ছবি ‘ৰশ্মি ৰকেট’ (Rashmi Rocket)ৰ বাবে অনুশীলন অব্যাহত ৰাখিছে অভিনেত্ৰী তাপসী পান্নুৱে ৷ অনুশীলন থলীৰ পৰা চ’ছিয়েল মিডিয়াযোগে ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷
ইনষ্টাগ্ৰামযোগে অনুশীলনৰ সময়ত 22.6 কেজিৰ পৰা 244.9 কেজি লিফ্টিঙৰ ফটো শ্বেয়াৰ কৰিছে তাপসীয়ে ৷ ফটোখনত তাপসীক এক ওজনৰ মেচিন দাঙি অনুশীলন কৰা পৰিলক্ষিত হৈছে ৷ কেপচন হিচাপে তাপসীয়ে লিখিছে "My Main Machine' The journey from 50 lbs (22.6 kg) to 540 lbs (244.9kg)" ৷