অসম

assam

ETV Bharat / sitara

ছবিৰ অফাৰ নাকচ কৰিবলৈ গৈছিল তাপসী পন্নু, তাৰ পিছত কি হ’ল চাওক - লুপ লপেটা কেনেকৈ আহিল তাপসী পন্নুৰ হাতলৈ

‘লুপ লপেটা’ ছবিখনৰ নিৰ্দেশক আকাশ ভাটিয়াই এনেকুৱা কি কৈছিল তাপসী পন্নুক যাৰ বাবে না ক’ব নোৱাৰিলে তাপসীয়ে! (Tapsee Pannu on getting looop lapeta)

taapsee pannu
ছবিৰ অফাৰ নাকচ কৰিবলৈ গৈছিল তাপসী পন্নু, তাৰ পিছত কি হ’ল চাওক

By

Published : Jan 29, 2022, 1:33 PM IST

চিটাৰা ডেস্ক, 29 জানুৱাৰী : লুপ লপেটা কেনেকৈ আহিল তাপসী পন্নুৰ হাতলৈ? তাপসী পন্নু আৰু তাহিৰ ৰাজ ভাসিন সাজু হৈছে তেওঁলোকৰ আহিবলগীয়া ছবি ‘লুপ লপেটা’ক লৈ ৷ ‘দ্য কপিল শৰ্মা শ্ব’ ত ছবিখনৰ নায়িকা গৰাকীয়ে খুলি ক’লে কেনেকৈ পালে তেওঁ এই অফাৰ ৷ ‘দ্য কপিল শৰ্মা শ্ব’ ত ‘লুপ লপেটা’ ৰ প্ৰমোচনৰ বাবে গৈছিল তাপসী পন্নু আৰু তাহিৰ ৰাজ ভাসিন ৷

শ্ব’টোত তাপসীয়ে উল্লেখ কৰে যে কেনেদৰে ‘সভি’ ৰ চৰিত্ৰটোৰ বাবে তেওঁ মান্তি হৈছিল ৷ ‘লুপ লপেটা’ ৰ অফাৰ পোৱাৰ পিছত না কৰিবলৈ গৈ সন্মতি দি আহিছিল অভিনেত্ৰী তাপসী পন্নুৱে ৷ দক্ষিণত সাদৃশ্য থকা এখন চিনেমা পূৰ্বতে কৰি অহাৰ বাবে অফাৰটো ৰিজেক্ট কৰিবলৈ গৈছিল তাপসী ৷ কিন্তু তাৰ পিছত যি হ’ল না ক’ব নোৱাৰিলে আৰু তাপসীয়ে (Tapsee Pannu on getting looop lapeta) ৷

ছবিখনৰ নিৰ্দেশক আকাশ ভাটিয়াই তাপসীয়ে না কোৱাৰ মূহুৰ্ততেই ছবিখনৰ কাহিনী অভিনেত্ৰী গৰাকীৰ সন্মুখত এনেদৰে উপস্থাপন কৰিলে যে, ছবিখনত অভিনয়ৰ বাবে তৎক্ষণাত মান্তি হয় তাপসী ৷ ছবিখনৰ ‘সভি’ চৰিত্ৰটো কেৱল তাপসীৰ বাবেই উপযুক্ত বুলি নিৰ্দেশক গৰাকীয়ে তাপসীক আভ্যন্তৰীণ ভাৱে অনুভৱ কৰাই দিয়ে ৷ সেই অনুভৱেই তাপসীক ছবিখনৰ প্ৰতি আকৰ্ষিত কৰি তুলিলে আৰু তৎক্ষণাত সন্মতি প্ৰদান কৰে অভিনেত্ৰী গৰাকীয়ে ৷

চলচ্চিত্ৰখনত তাপসীয়ে সভিৰ চৰিত্ৰটোত অভিনয় কৰিছে আৰু তাহিৰ ৰাজ ভাসিনে সত্য নামৰ চৰিত্ৰ ৰূপায়ন কৰিছে । বিজ্ঞাপন চলচ্চিত্ৰ নিৰ্মাতা আকাশ ভাটিয়াৰ দ্বাৰা পৰিচালিত প্ৰথম খন চলচ্চিত্ৰ 'লুপ লপেটা' ই 4 ফ্ৰেব্ৰুৱাৰীত নেটফ্লিক্সত মুক্তি লাভ কৰিব ৷

লগতে পঢ়ক:এসময়ত বলীউডত গিজগিজাই থকা ভাগশ্ৰীৰ জীয়ৰীও হৈছে বি-টাউন মুখী

ABOUT THE AUTHOR

...view details