চিটাৰা ডেস্ক, 5 জুলাই : অভিনেত্ৰী তাপসী পান্নু (Taapsee Pannu)ৰ আগন্তুক ছবি ‘হাছীন দিলৰুবা’ (Haseen Dillruba)ক লৈ বহু নেতিবাচক সমালোচনাৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকীয়ে ৷ সমালোচকসকলৰ বিৰুদ্ধে তাপসীয়ে নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে ৷ টুইটযোগে তাপসীয়ে কয় যে, ‘‘ছবি এখনৰ সমীক্ষা কৰাতো এটা বস্তুনিষ্ঠ বিষয় ৷
ছবি এখনক লৈ কৰা সমালোচনাই আমাক আগবাঢ়ি যোৱাত সহায় কৰে ৷ কিন্তু সমালোচকে ব্যক্তিগতভাৱে কৰা কমেণ্টে আমাক তললৈ ঠেলি দিয়ে’’ ৷ লগতে তাপসীয়ে কয় যে, ‘হাছীন দিলৰুবা’ক কিছুসংখ্যকে হলীউড ছবি ‘The Tomorrow War’ৰ সৈতে তুলনা কৰিছে ৷
উল্লেখ্য যে, চলিত সপ্তাহৰ শুকুৰবাৰে মুক্তিলাভ কৰিব তাপসীৰ এই ছবিখন ৷
আনহাতে, এগৰাকী সাংবাদিকে টুইটযোগে ‘হাছীন দিলৰুবা’ক লৈ কৰা মন্তব্য সন্দৰ্ভত তাপসীয়ে প্ৰত্যুত্তৰ দি কয় যে, ‘‘Sir, it's Hollywood. Everything it valid. It's always aspirational regardless of the flaws. It does not matter how much experiments we do here. It always falls short and more so we look 'redundant' to them no matter what we do. Maybe working out of LA will help.’’
হলীউড বাবে সকলো প্ৰযোজ্য ৷ ইয়াত বলীউডত যিমান কৰিলেও কমেই দেখা যায় বুলি প্ৰত্যুত্তৰ দিয়ে অভিনেত্ৰীগৰাকীয়ে ৷ ‘হাছীন দিলৰুবা’ ছবিখনত তাপসীৰ সৈতে মূল চৰিত্ৰত দেখিবলৈ পোৱা যাব অভিনেতা বিক্ৰান্ত মেচী (Vikrant Massey) আৰু হৰ্ষবৰ্ধন ৰাণে (Harshvardhan Rane)ক ৷ ছবিখনত তাপসীয়ে ‘ৰাণী’ নামৰ চৰিত্ৰটো ৰূপায়ন কৰিব, যিয়ে স্বামীৰ মৃত্যুৰ ৰহস্য উদঘাটনত নামি পৰে ৷
লগতে পঢ়ক :Cannes 2021: চলচ্চিত্ৰ মহোৎসৱৰ চূড়ান্ত প্ৰস্তুতি